Local, Vocal, Global

চাবুৱাৰ বায়ুসেনা ছাউনীত ভয়ংকৰ ঘটনা, মিক্সাৰ মেচিনত সোমাই কৰুণ মৃত্যুক সাৱটিলে এজন শ্ৰমিকে…

ডিজিটেল ডেস্ক:- চাবুৱা বায়ু সেনা ছাউনীত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। কৰ্মৰত অৱস্থাতে মেচিনত সোমাই কৰুণ মৃত্যু সাবতি লয় এজন শ্ৰমিকে।মৃত শ্ৰমিকজনৰ নাম প্ৰণৱ দত্ত বুলি জানিব পৰা গৈছে। ঘৰখনৰ একমাত্ৰ উপাৰ্জন পুত্ৰৰ মৃত্যুত হোৱাত দিশহাৰা পিতৃ-মাতৃ।লোমা ইনফ্ৰা প্ৰাঃ লিঃ কোম্পানীত কৰ্মৰত আছিল প্ৰণৱ। কাম কৰি থকা সময়তে সোমাই যায় মেচিনত।

উল্লেখ্য যে চাবুৱা বায়ুসেনা বাহিনীৰ ছাউনীত দেশৰ বিভিন্ন প্ৰান্তৰ নিৰ্মাণকাৰী সংস্থাই কাম কৰি থকাৰ সময়তে লোমা ইনফ্ৰা প্ৰাঃ লিঃ কোম্পানীটোত সংঘটিত হৈছে এই অঘটন।

জানিব পৰা মতে, চাবুৱাৰ বালিজান পানীএৰা গাঁৱৰ নিৱাসী প্ৰণৱ দত্ত নামৰ শ্ৰমিকজনে বিশেষ মেচিনত কাম কৰি থকাৰ সময়তে মেচিনটো চলি যোৱাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। সংকটজনক অৱস্থাত শ্ৰমিক জনক চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও মৃত্যু হয় শ্ৰমিকজনৰ।
অভিযোগ অনুসৰি , সুমিত নামৰ এজন পৰিচালকে মেচিনটো চলাই দিয়াৰ ফলতেই সংঘটিত হয় এই ঘটনাটো। এই ঘটনা পাছতেই ক্ষুদ্ধ হৈ পৰে গাঁওবাসী। ক্ষুদ্ধ লোকসকলে প্ৰণৱ দত্তৰ মৃতদেহ লৈ ঘেৰাও কৰে চাবুৱা আৰক্ষী থানা। দুৰ্ঘটনাৰ উচিত বিচাৰ নোহোৱালৈকে আৰু উচিত ক্ষতিপূৰণৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে লোকসকলে।