Local, Vocal, Global

কলিয়াবৰত বনৰীয়া হাতীৰ আক্ৰমণ;নিহত এজন শ্ৰমিক, আহত চাৰিজন

ডিজিটেল ডেস্ক:- কলিয়াবৰত বনৰীয়া হাতীৰ সন্ত্ৰাস।কলিয়াবৰত সংঘটিত হৈছে এক শোকাৱহ ঘটনাৰ ।বাগিচাত কৰ্মৰত শ্ৰমিকক হঠাতে আক্ৰমণ কৰে বনৰীয়া হাতীয়ে।আক্ৰমণত নিহত এজন শ্ৰমিক আৰু আহত হয় আন চাৰিজন।জানিব পৰা মতে কামৰ অন্তত জিৰণি লওঁতে শ্ৰমিকসকলক পিছফালৰ পৰা বনৰীয়া হাতীটোৱে আক্ৰমণ কৰে।ঘটনাটো সংঘটিত হোৱাৰ পাছতে বন বিভাগৰ বিষয়াই ঘটনাস্থালীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়।আহত চাৰিজনক উন্নত চিকিৎসাৰ বাবে ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ যোৱা হয়।জানিব পৰা মতে নিহত লোকজন লক্ষ্মণ মিঞ্জ আনহাতে আহত চাৰিজন ক্ৰমে প্ৰকাশ এক্কা,প্ৰতাপ এক্কা,ধীৰাজ তিৰকি আৰুশনি কেৰকেটা বুলি জানিব পৰা গৈছে।
বন বিষয়াসকল ঘটনাস্থলীত উপস্থিত হয় আৰু পৰিস্থিতিৰ বুজ লয়।খবৰ অনুসৰি, বনৰীয়া হাতীটোৱে খাদ্যৰ সন্ধানত চাহ বাগিচাৰ ভিতৰত প্ৰৱেশ কৰিছিল আৰু এই ঘটনাৰ সংঘটি কৰে।ঘটনাই অঞ্চলজুৰি শোকৰ ছাঁ পেলাই।