HS প্রথম বৰ্ষৰ পৰীক্ষা সন্দৰ্ভত AHSECৰ গুৰুত্বপূৰ্ণ জাননী
নিউজ ডেস্ক, ২৬ মে’- অসমত বৰ্তমানেও অব্যাহত থকা বান পৰিস্থিতিত বহু বিদ্যালয়, মহাবিদ্যালয়ত পানীৰ বাবে আৰু বান শিবিৰ স্থাপনৰ বাবে পৰীক্ষা পাতিব নোৱাৰিব বুলি শিক্ষা সংসদক অভিযোগ দিছিল বিদ্যালয়সমূহে।
এই সন্দৰ্ভত শিক্ষা সংসদে গুৰুত্বপূৰ্ণ জাননী প্ৰেৰণ কৰিছে। জাননী অনুসৰি বান শিবিৰ থকা বিদ্যালয়ে বিকল্প স্থানত পাতিব পাৰিব পৰীক্ষা। বিকল্প ব্যৱস্থা নাথাকিলে জনাব লাগিব শিক্ষা সংসদক।
আনহাতে , বান শিবিৰ নথকা বিদ্যালয়সমূহত সময় অনুসৰিয়েই অনুষ্ঠিত হব পৰীক্ষা।
পৰীক্ষা পাতিব নোৱাৰা বিদ্যালয়সমূহৰ বাবে পৃথকে জাননী দিয়া হব বুলি জানিব দিয়ে শিক্ষা সংসদে।