Local, Vocal, Global

মৰিগাঁৱৰ কৰাইগুৰি গাঁৱত মৰ্মান্তিক ঘটনা

নিউজ ডেস্ক, ২৬ মে’- মৰিগাঁৱৰ কৰাইগুৰি গাঁৱত মৰ্মান্তিক ঘটনা সংঘটিত হৈছে। দুজনীকৈ কনমানি ছোৱালীসহ মাতৃয়ে পানীত পৰি মৃত্যুক আকোঁৱালি ললে।

নিশা ৭বাজি যোৱাৰ পিছত পম্পী কোঁৱৰে নিজৰ কন্যা সন্তান দুটিক লৈ পথাৰৰ এটা পুখুৰীত সংঘটিত কৰে এই মৰ্মান্তিক ঘটনা । নিশা স্থানীয় ৰাইজে উদ্ধাৰ অভিযান চলাই মৃত অৱস্থাত উদ্ধাৰ কৰে মাতৃ পম্পী কোঁৱৰ আৰু দুই কণমানিক। মৃত কন্যা সন্তান দুটাৰ বয়স দুবছৰ আৰু আঢ়ৈ বছৰ।

বৰ্তমানেও সমগ্ৰ ঘটনাটো ৰহস্যৰ আৱৰ্তত । মৃত পম্পি কোঁৱৰে আত্মহত্যা কৰাৰ অভিযোগ তুলিছে পৰিয়ালৰ লোকে। মাতৃ পৰিয়ালৰ অভিযোগ অনুসৰি সংসাৰিক যন্ত্ৰণাৰ বাবে পম্পী কোঁৱৰে আত্মহত্যা কৰিলে । পম্পি কোঁৱৰ মৃত্যুৰ আঁৰত ৰহস্য ফাদিল কৰাৰ দাবী পৰিয়ালৰ।