Local, Vocal, Global

Watch | Impact of the strike in Biswanath dist: বিশ্বনাথত বন্ধৰ প্ৰভাৱ

বিশ্বনাথ: ভাৰত বন্ধৰ সৰ্বাত্মক প্ৰভাব বিশ্বনাথতো দেখা পোৱা গৈছে। পুব ভৰলী মটৰ শ্ৰমিক সন্থাৰ চালক, পৰিচালক, তথা সৰু ডাঙৰ প্ৰতিখন গাড়ীৰ শ্ৰমিক সকলে বিশ্বনাথ নগৰৰ মাজমজিয়াত আজি সৰ্ব ভাৰতীয় বন্ধ সফল কৰা দেখা যায় । উল্লেখ্য যে ভাৰত বৰ্ষৰ কেইবাটাও প্ৰান্তৰ লগতে অসমৰ বিশ্বনাথতো বন্ধৰ প্ৰভাৱ পৰিলক্ষিত হয়। আনহাতে সাংবাদিকক প্ৰহাৰ কৰা ঘটনাক তীব্ৰভাৱে গৰিহণা দিয়ে৷

শ্রম সংহিতা আৰু ৰাজহুৱা খণ্ড ব্যক্তিগতকৰণৰ নীতি বাতিল কৰা, ঠিকা শ্রমিকসহ সকলো শ্ৰমিকৰ ন্যূনতম মজুৰি মাহিলী ২৬০০০ টকা ঘোষণা কৰা,আঁচনিভুক্ত কৰ্মচাৰীক মাননিৰ সলনি মজুৰি দিয়া,মটৰ শ্ৰমিকৰ কল্যাণ আঁচনি ৰূপায়ণ নিশ্চিত কৰা,চাহ শ্ৰমিকৰ দিন হাজিৰা ৬৬১ টকা ধাৰ্য কৰা আৰু নির্মাণ শ্রমিক কল্যাণ পৰিষদৰ স্বকীয়তা ৰক্ষা কৰা ইত্যাদি দাবীত বিশ্বনাথত ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে।

ইফালে সমগ্ৰ বিশ্বনাথতে যান বাহন চলাচল বন্ধ হোৱাৰ লগতে দোকান পোহাৰ বন্ধ দেখা গৈছে।

লগকে পঢ়ক : Watch | Opening six bed health centre at moinating Gelakey : গেলেকীৰ ম‌নাইটিং উপ – স্বাস্থ্য কেন্দ্ৰৰ ৬ খন বিচনাযুক্ত চিকিৎসা ভৱনৰ শুভ উদ্বোধন