IMD Forecast Biparjoy: অধিক তীব্ৰতৰ হ’ব বিপাৰজয় ঘূৰ্ণীবতাহ

নেশ্যনেল ডেস্ক, ১০জুন : সাৱধান হওক! আহি আছে বিপাৰজয় ঘূৰ্ণীবতাহ ৷ ৰুষ্ট প্ৰকৃতিৰ ৰোষত পৰিব উত্তৰ-পূৱ।
আগন্তুক ২৪ ঘন্টাত আৰু অধিক তীব্ৰতৰ হোৱাৰ সম্ভাৱনা আছে বিপাৰজয় ঘূৰ্ণীবতাহ ৷ এই ঘূৰ্ণীবতাহ আজি অৰ্থাৎ শনিবাৰে উত্তৰ-পূৱ দিশলৈ গতি কৰিব । এই কথা সদৰী কৰিছে ভাৰতৰ বতৰ বিজ্ঞান বিভাগে (India Meteorological Department)৷ ভাৰতীয় বতৰ বিজ্ঞান বিভাগ চমুকৈ আই এম ডি য়ে টুইটযোগে জনোৱা অনুসৰি, ৯ জুনৰ দিনা ২৩:৩০ বজাত পূব-মধ্য আৰৱ সাগৰত ভয়াৱহ ঘূৰ্ণীবতাহ ধুমুহা বিপাৰজয় আহি পাইছেহি । অহা ২৪ ঘণ্টাৰ ভিতৰত ই উত্তৰ-পূব দিশলৈ গতি কৰিব আৰু ই অধিক গতিবেগত গতি কৰাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে (IMD Forecast Biparjoy)।
শুকুৰবাৰে ভাৰতৰ বতৰ বিজ্ঞানে জনোৱা অনুসৰি, আগন্তুক ৪৮ ঘণ্টাৰ ভিতৰত উত্তৰ-পূব ভাৰতৰ ৰাজ্যসমূহত ঘূৰ্ণীবতাহ বিপাৰজয় হোৱাৰ সম্ভাৱনা আছে। আইএমডিৰ বৰ্ধিত ৰেঞ্জৰ পূৰ্বাভাস অনুসৰি, উত্তৰ-পূবত ৯ জুনৰ পৰা ১৫ জুনলৈ আৰু ১৬ জুনৰ পৰা ২২ জুনলৈ লঘুৰ পৰা মধ্যমীয়া ব্যাপক বৰষুণ আৰু ধুমুহাৰ সম্ভাৱনা ব্যক্ত কৰিছে।
বতৰ বিজ্ঞানৰ মতে, এই সময়ছোৱাত অঞ্চলটোত সামগ্ৰিকভাৱে বৰষুণৰ কাৰ্যকলাপ স্বাভাৱিকৰ ওপৰত হোৱাৰ সম্ভাৱনা আছে। দেওবাৰ আৰু সোমবাৰে দাৰ্জিলিং, কালিম্পং, আলিপুৰদুৱাৰ, কোচবিহাৰ, জলপাইগুৰি, আৰু ছিকিমত ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা আছে। শনিবাৰলৈকে মালদা, উত্তৰ দিনাজপুৰ, আৰু দক্ষিণ দিনাজপুৰ জিলাত গৰমৰ পৰিস্থিতি অব্যাহত থাকিব।
বিপৰজয় ঘূৰ্ণীবতাহৰ বাবে ১৪ জুনলৈকে পৰ্যটকৰ বাবে বন্ধ কৰি দিয়া হৈছে তীথল বীছ (Tithal Beach has been closed to tourists until June 14)। লগতে মাছমৰীয়া সকলক সাগৰত যোৱাত বাধা প্ৰদান কৰিছো ৷আৰু যিসকলে গৈছিল তেওঁলোককো ঘূৰাই অনা হৈছে । ১৪ জুনলৈ পৰ্যটকৰ বাবে বন্ধ কৰি দিয়া হৈছে তীথল বীছ ।
ৱলসাডৰ তহচিলদাৰ টি চি পেটেলে কয় যে ,যদি প্ৰয়োজন হয় তেন্তে সাগৰৰ পাৰত অৱস্থিত গাঁওসমূহ স্থানান্তৰ কৰা হ’ব আৰু তেওঁলোকক আশ্ৰয় শিবিৰলৈ যোৱা হ’ব। সাগৰৰ পাৰত অৱস্থিত লোকসকলৰ বাবে নিৰ্মাণ কৰা হৈছে আশ্ৰয় শিবিৰ ।
কাৰণ বিপাৰজয় ঘূৰ্ণীবতাহৰ প্ৰভাৱ দেখা গৈছিল গুজৰাটৰ ৱলসাডৰ গাতে লাগি থকা আৰব সাগৰৰ উপকূলৰ তীথল বীছত।দেখা গৈছিল সাগৰীয় উচ্চ ঢৌ (Tithal Beach in Valsad on the Arabian Sea coast)।
ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ মতে, শুকুৰবাৰে মুম্বাই আৰু ইয়াৰ কাষৰীয়া জিলা বিশেষকৈ থানে, পালঘৰ আৰু মহাৰাষ্ট্ৰৰ বিভিন্ন অঞ্চলত আগন্তুক ৪৮ ঘন্টাত বৰষুণ অহাৰ সম্ভাৱনা কৰিছে ৷ বতৰ বিজ্ঞান বিভাগৰ মতে, ঘূৰ্ণীবতাহ বিপাৰজয়ৰ বাবে এই জিলা সমূহত বৰষুণ হ’ব । মুম্বাইৰ বিভিন্ন স্থানতো লঘুৰ পৰা মধ্যমীয়া বৰষুণৰ সম্ভৱনা ।
প্ৰাপ্ত তথ্য অনুসৰি, সোমবাৰেলৈ পালঘৰ, ৰায়গদ, থানে, ৰত্নাগিৰি, সিন্ধুদুৰ্গ, নাচিক, আহমেদনগৰ, পুণে, কলহাপুৰ, সতৰা, সাংগলী আৰু সোলাপুৰ জিলাত বৰষুণৰ বাবে হালধীয়া সতৰ্কবাণী জাৰি কৰিছে (Yellow alert for rain)। প্ৰচণ্ড বতাহ আৰু বজ্ৰপাত সম্ভৱনাৰ বাবে এই সতৰ্কবাণীয়ে জাৰী কৰিছে বতৰ বিজ্ঞান বিভাগে (Cyclone Biparjoy forecast to be intensified)।
লগতে পঢ়ক : Daily Horoscope for 9th june : কেনে যাব আপোনাৰ দিনটো ? পঢ়ক আজিৰ দিনটোৰ ৰাশিফল