Local, Vocal, Global

আৰক্ষীৰ অভিযানত জব্দ ৩ কোটি টকাৰ অবৈধ য়াবা টেবলেট

নিউজ ডেক্স ,১৮জুলাই : সোমবাৰে অসম আৰক্ষীয়ে কৰিমগঞ্জ জিলাত ৩ কোটি টকাৰ অবৈধ য়াবা টেবলেট জব্দ কৰে।

পাথাৰকান্দি চহৰৰ বাসিন্দা আচাব উদ্দিনক অবৈধ য়াবা টেবলেটসহ গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ।

আৰক্ষীৰ অভিযানত অভিযুক্তজনৰ ঘৰত ৩০,০০০ য়াবা টেবলেট উদ্ধাৰ কৰা হয়।

শেহতীয়াকৈ, সীমান্ত সুৰক্ষা বাহিনীৰ (BSF) গুৱাহাটী ফ্ৰণ্টিয়াৰৰ সৈন্যসকলে নিচাজাতীয় চোৰাং ব্যৱসায়ৰ লগত জড়িত এজনক বৃহৎ পৰিমাণৰ অবৈধ য়াবা টেবলেটৰ সৈতে এজন লোকক আটক কৰে।

উল্লেখযোগ্য় যে, সৈন্যবাহিনীয়ে ইণ্ডো-বাংলাদেশ সীমান্তৱৰ্তী চুকাৰুৰকুঠি গাঁৱৰ ওচৰত অভিযান চলায় আৰু ২৮ লাখ টকাৰ ৫,৬০০ য়াবা টেবলেট ৰখা চোৰাং ব্যৱসায়ীজনক আটক কৰে।