Local, Vocal, Global

Illegal Teer Mafia Arrested By State Police : গৌৰীপুৰত অবৈধ তীৰৰ বেহা;একাংশই কেৰেপ নকৰে আৰক্ষী-প্ৰশাসনক

নিউজ ডেস্ক, ৬ ডিচেম্বৰ : ৰাজ্যৰ ভিন্ন প্ৰান্তত অব্যাহত আছে অবৈধ বেহা । ৰাজ্যৰ বিভিন্ন প্ৰান্তত নিতৌ চলি আছে নিষিদ্ধ সামগ্ৰীৰ ৰমৰমীয়া বেহা । আৰক্ষীয়ে যিমানে সষ্টম হৈছে সিমানে অপৰাধীৰ সংখ্যা বৃদ্ধি পাইছে । অপৰাধীয়ে দৈনিক ন ন পদ্ধতিৰে চলাই আছে অপৰাধ । অসম আৰক্ষীয়ে কঠোৰ স্থিতি গ্ৰহণ কৰি থকাৰ সময়তে চলি আছে অবৈধ সামগ্ৰীৰ ৰমৰমীয়া বেহা(Illegal Teer Business)।

আৰক্ষী যিমানে সষ্টম হৈছে সিমানে অপৰাধ আৰু অপৰাধীৰ সংখ্যাও বৃদ্ধি হৈ গৈ আছে । আৰক্ষীক যেন কেৰেপ নকৰে একাংশ লোকে । হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ শাসনলৈ আহিয়েই অবৈধ সামগ্ৰীৰ সৰবৰাহকাৰীৰ বিৰুদ্ধে যি হুংকাৰ দিছিল তাক ওফৰাই এতিয়াও চলি আছে অবৈধ বেহা(Illegal Teer Mafia Arrested By State Police) ।

এইবাৰ একাংশ দুষ্ট চক্ৰই নামিছে তীৰৰ বেহাত । ধুবুৰীৰ গৌৰীপুৰত অবৈধ তীৰৰ বেহা । একাংশই কেৰেপ নকৰে আৰক্ষী-প্ৰশাসনকো ।

উল্লেখ্য যে, ধুবুৰীৰ গৌৰীপুৰ আৰক্ষীয়ে আটক কৰে অবৈধ তীৰৰ বেহাৰ সৈতে জড়িত এজনক। আটকাধীন লোকজন ৰাজু দাস বুলি চিনাক্ত কৰা হৈছে । ধৃত অভিযুক্ত তীৰ মাফিয়াজন গৌৰীপুৰৰ ২ নং ৱাৰ্ডৰ কালিবাৰীৰ বাসিন্দা বুলি জানিব পৰা গৈছে । গৌৰীপুৰ টেম্পো ষ্টেণ্ডত তীৰৰ টিকট বিক্ৰী কৰি থকা অৱস্থাত আৰক্ষী জোৱানে ধৃত লোকজনক আটক কৰে(Illegal Teer Mafia Arrested By State Police In Gauripur)।

জানিব পৰা মতে,ধুবুৰীৰ গৌৰীপুৰ আৰক্ষীয়ে অবৈধ তীৰ ব্যৱসায়ৰ ওপৰত অভিযান চলাই । আৰক্ষীৰ অভিযানৰ সময়ত গৌৰীপুৰ আৰক্ষীয়ে টেম্পো ষ্টেণ্ডত তীৰৰ বেহা কৰি থকাৰ সময়তে তীৰৰ সামগ্ৰীৰ লগতে নগদ ১৬,৫৭০ টকা জব্দ কৰে।

বৰ্তমান আটকধীন তীৰ মাফিয়া ৰাজু দাসক গৌৰীপুৰ থানালৈ লৈ আহি জেৰা অব্যাহত ৰাখিছে ।

এফালে মুখ্যমন্ত্ৰীৰ অবৈধ ব্যৱসায়ৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ । তাৰ বিপৰীতে মুখ্যমন্ত্ৰীৰ গৃহ বিভাগক বুঢ়া আঙুলি দেখুৱাইছে একাংশ অবৈধ তীৰ মাফিয়াই।

লগতে পঢক :Illegal Teer Business : মহানগৰীৰ বশিষ্ট চাৰিআলিত চলিছে অবৈধ তীৰৰ ৰমৰমীয়া বেহা