ৰাজ্যত বাৰ্মিজ চুপাৰীৰ অবৈধ বেহা…

ডিজিটেল ডেস্ক:- ৰাজ্যত অব্যাহত আছে বাৰ্মিজ চুপাৰীৰ কলা ব্যৱসায় ৷ ৰে’ল আৰক্ষীৰ চকু সন্মুখেৰে এতিয়া দিনে নিশাই ভাৰতীয় ৰেলৰ জড়িয়তে সৰবৰাহ হৈ আছে নিসিদ্ধ বাৰ্মিজ চুপাৰী ৷দেওবাৰে সন্ধিয়া পুনৰ লামডিং ৰেলৱে জংচনত বৃহৎ পৰিমাণৰ বাৰ্মিজ চুপাৰী জব্দ কৰে ৷
লামডিং ৰে’ল আৰক্ষীয়ে অভিযান চলাই চুপাৰীখিনি জব্দ কৰে ৷15670 নামনিমুৱা Dibrugarh guwahati nagaland express ৰে’লৰ পৰা আৰক্ষীয়ে চুপাৰী খিনি জব্দ কৰে । ৰে’লখনৰ সাধাৰণ শ্ৰেণীৰ ডবা এটাত ২০বস্তাত চুপাৰী ভৰাই আনিছিল। জব্দকৃত চুপাৰীখিনিৰ ওজন ৯০০কেজি।জব্দ কৰা চুপাৰীখিনিৰ বজাৰ মূল্য প্ৰায় 8 লক্ষাধিক টকা বুলি জানিব পৰা গৈছে ৷ উল্লেখ যে যিমানে ৰে’ল আৰক্ষী লগতে আৰ পি এফ তৎপৰ হৈছে সিমানেই সৰবৰাহকাৰীয়ে ডিমাপুৰৰ পৰা অবৈধভাৱে ৰে’লত সৰবৰাহ কৰি আছে বাৰ্মিজ চুপাৰী৷