Local, Vocal, Global

নিশা ভঙাগড় উৰণ সেতুত ভয়ংকৰ পথ দুৰ্ঘটনা…

ডিজিটেল ডেস্ক:- মহানগৰীৰ ভঙাগড়ত নিশা এক পথ দুৰ্ঘটনা সংঘটিত হয়।দেওবাৰে নিশা সংঘটিত হয় এই পথ দুৰ্ঘটনাটো।ভঙাগড় উৰণ সেতুত ডাম্পাৰে মহটিয়াই নিলে এজন বাইক আৰোহীক। ফলত দুৰ্ঘটনাস্থলীতে নিহত হয় বাইক আৰোহী গৰাকী। দুৰ্ঘটনা সংঘটিত কৰা ডাম্পাৰ খনৰ নম্বৰ AS 01 MC 4919 ।

তীব্ৰবেগী ডাম্পাৰখনে খুন্দা মৰাৰ ফলত বাইক আৰোহী গৰাকীৰ থিতাতে নিহত হয়। দুৰ্ঘটনাটো সংঘটিত কৰিয়েই ডাম্পাৰৰ চালক জনে ঘটনাস্থলীৰ পৰা পলায়ন কৰে।