Local, Vocal, Global

টাংনী নদীত অবৈধ ভাৱে মাটি খনন কৰা ড্ৰামপাৰ জব্দ।

নিউজ ডেস্ক, ২৮ জুলাই : খাৰুপেটীয়াৰ কুঁৱৰীপুখুৰী গাঁৱত বন বিভাগৰ অভিযান।

দৰঙৰ মঙ্গলদৈ খণ্ড বন বিষয়া কাৰ্যালয়ৰ বিষয়া আৰু বনকৰ্মী সকলে এক গোপন সূত্ৰৰ পমখেদি খাৰুপেটীয়া থানাৰ অন্তৰ্গত কুঁৱৰীপুখুৰী গাঁৱত বুধবাৰে নিশা অভিযান চলাই অবৈধ ভাৱে টাংনী নদীত খনন কৰি মাটি কঢ়িওৱা এখন ড্ৰামপাৰ ধৰা পেলায়।

পিছত বন বিষয়াই ড্ৰামপাৰৰ গৰাকীৰ পৰা নথি পত্ৰ বিচৰাত বৈধ নথি পত্ৰ দেখাব নোৱাৰাত ড্ৰামপাৰখন জব্দ কৰি মঙ্গলদৈ খণ্ড বন বিষয়া কাৰ্যালয়লৈ লৈ যায়। অবৈধ কাঠ মিল, অবৈধ ভাৱে টাংনী নদীত খনন কাৰ্যৰ বিৰুদ্ধে অভিযান চলিয়ে থাকিব বুলি মঙ্গলদৈ খণ্ড বন বিভাগে জানিবলৈ দিয়ে।