Local, Vocal, Global

Faizan body dug out from cemetery : কবৰ খান্দি উলিয়ালে ফাইজানৰ মৃতদেহ

ডিব্ৰুগড়, ২৩ মে’ : আজি কবৰস্থানৰ পৰা খান্দি উলিওৱা হ’ল ফাইজান আহমেদৰ মৃতদেহ । ডিব্ৰুগড়ৰ আমোলাপট্টিস্থিত কবৰস্থানৰ পৰা কলকাতা CID য়ে খান্দি উলিৱালে তিনিচুকীয়াৰ সন্তান ফাইজানৰ মৃতদেহ (Kolkata CID) । ডিব্ৰুগড় চহৰৰ আমোলাপট্টি কবৰস্থানত সমাধিস্থ কৰা হৈছিল ফাইজান আহমেদৰ মৃতদেহ ।

উল্লেখ্য যে ৰেগিঙৰ বলি হৈ IIT খড়পুৰত মৃত্যুক আঁকোৱালি লৈছিল অসম সন্তান ফাইজান আহমেদে (IIT Kharagpur Student Faizan Ahmed death) । ফাইজানৰ মৃত্যুত সৃষ্টি হৈছিল বহু ৰহস্যৰ ।

ফাইজানৰ পিতৃ-মাতৃয়ে তেওঁলোকৰ পুত্ৰক ৰেগিঙৰ নামত হত্যা কৰা বুলি অভিযোগ কৰি কলিকতা উচ্চ ন্যায়ালয়ত ৰিট আবেদন দাখিল কৰিছিল । ইয়াৰ পিছতেই কলিকতা উচ্চ ন্যায়ালয়ে এটাৰ পিছত আন এটা শুনানি জাৰি কৰিছিল (Calcutta High Court) । ইয়াৰ পিছতো প্ৰতিষ্ঠানটোৰ কৰ্তৃপক্ষই ৰেগিঙৰ লগত জড়িত ছাত্ৰ সকলৰ নাম দাখিল নকৰাৰ বাবে ক্ষোভ ব্যক্ত কৰিছিল ন্যায়ালয়ে ।

এতিয়াও ন্যায় নোপোৱা পৰিয়ালটোক ন্যায় প্ৰদান কৰাৰ উদ্দেশ্যেৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেইদিনমানৰ পূৰ্বে ঘোষণা কৰিছিল উচ্চ স্তৰীয় তদন্ত । যাৰ বাবে CID ৰ হাতলৈ গৈছিল সমগ্ৰ তদন্ত প্ৰক্ৰিয়া । আজি অৰ্থাৎ মঙ্গলবাৰে এই তদন্তৰ খাতিৰতেই CID য়ে ডিব্ৰুগড়ৰ আমোলাপট্টিস্থিত কবৰস্থানৰ পৰা ফাইজানৰ মৃতদেহ খান্দি উলিয়াই । আনহাতে IIT খড়গপুৰৰ প্রতিনিধিক কবৰস্থানত প্রৱেশ কৰাত বাধা প্ৰদান কৰে CID য়ে।

উল্লেখ্য যে তেইশ বছৰীয়া ফাইজান IIT খড়গপুৰৰ মেকানিকেল ইঞ্জিনিয়াৰিঙৰ তৃতীয় বৰ্ষৰ ছাত্ৰ আছিল (Faizan was a third year student of mechanical engineering IIT Kharagpu) । ২০২২ চনৰ ১৪ অক্টোবৰত হোষ্টেলৰ কোঠাৰ পৰাই উদ্ধাৰ হৈছিল ফাইজানৰ অৰ্ধগলিত মৃতদেহ । ইয়াৰ পূৰ্বে ফেব্ৰুৱাৰী মাহত ফাইজানে ৰেগিঙৰ নামত তেওঁৰ ওপৰত চলা অমানষিক অত্যাচাৰৰ বিষয়ে অভিযোগ উত্থাপন কৰিছিল । কিন্তু IIT কতৃপক্ষই কোনো পদক্ষেপ হাতত লোৱা নাছিল ।

লগতে পঢ়ক : UPSC CSE Final Result 2022 Out: প্ৰকাশ পালে UPSC অসামৰিক সেৱাৰ চূড়ান্ত ফলাফলৰ তালিকা , পঞ্চম স্থানত অসমৰ ময়ূৰ হাজৰিকা