Local, Vocal, Global

IED Detected, Defused in Chhattisgarh : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণৰ পূৰ্বে আই ই ডি উদ্ধাৰ

নিউজ ডেস্ক, ৮এপ্ৰিল : সোমবাৰে নিৰ্বাচনীয় প্ৰচাৰৰ উদ্দেশ্য ছত্তীশগড়ত উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। ছত্তীশগড়ৰ বস্তাৰত প্ৰধানমন্ত্ৰী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰাৰ পূৰ্বে ৰাজ্যখনত মাওবাদীয়ে কেইবাটাও ঘটনা সংঘটিত কৰে(IED Detected, Defused in Chhattisgarh) ।

উত্তৰ বস্তাৰৰ কাঙ্কেৰ জিলাৰ কোয়লিবেদা অঞ্চলৰ গাট্টাকালৰ অৰণ্যত নিৰাপত্তা বাহিনীক লক্ষ্য কৰি মাওবাদীয়ে আই ই ডি স্থাপন কৰিছিল । অৱশ্যে নিৰাপত্তা বাহিনীয়ে সেই আই ই ডিটো নিষ্ক্ৰিয় কৰিবলৈ সক্ষম হয় ।

জানিব পৰা মতে, নিৰাপত্তা বাহিনীয়ে কোয়লিবেদাৰ গাট্টাকাল গাঁৱৰ সমীপত মাওবাদীয়ে আই ই ডি স্থাপন কৰাৰ এক গোপন তথ্য লাভ কৰে । তাৰ পিচতে বি এছ এফ আৰু বি ডি এছ বাহিনীয়ে অঞ্চলটোত অভিযান আৰম্ভ কৰে। অভিযানৰ সময়ত দলটোৱে ঘটনাস্থলীত আই ই ডিটো উদ্ধাৰ কৰে । তাৰ পিচত আই ই ডিটো নিষ্ক্ৰিয় কৰা হয় ।

লগতে পঢ়ক : poll violence in Arunachal: অৰুণাচলত নিৰ্বাচনী হিংসা;আহত হয় ১০ জনৰো অধিক লোক