Local, Vocal, Global

3 Killed After Explosion in Paris Apartment : আঠ মহলীয়া অট্টালিকাত ভয়ংকৰ অগ্নিকাণ্ড; নিহত ৩জন

ইণ্টাৰনেশ্যনেল ডেস্ক,৮ এপ্ৰিল : বিধ্বংসী অগ্নিকাণ্ড । অগ্নিকাণ্ডৰ ফলত নিহত ৩জনকৈ লোক।

পেৰিছত সংঘটিত হৈছে ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা(3 Killed After Explosion in Paris Apartment) ৷

ফ্ৰান্সৰ সংবাদ মাধ্যমে প্ৰকাশ কৰা অনুসৰি দেওবাৰৰ সন্ধিয়া পেৰিছৰ এটা আঠ মহলীয়া অট্টালিকাত সংঘটিত হয় অগ্নিকাণ্ড ৷ এই অগ্নিকাণ্ডৰ ফলত তিনিজন লোক নিহত হয় ।

পেৰিছৰ ১১ নং এৰ’ণ্ডিছমেণ্টত অৱস্থিত এই অট্টালিকাটো আৰু প্ৰাৰম্ভিক তথ্য অনুসৰি ৰু ডি চেৰ’নৰ এটা অট্টালিকাৰ ৭ ম মহলাত অগ্নিকাণ্ডটো সংঘটিত হোৱাৰ পূৰ্বেই বিস্ফোৰণৰ শব্দ শুনা গৈছিল, যদিও ইয়াৰ কাৰণ বৰ্তমানেও নিশ্চিত হোৱা হোৱা নাই ।

বৰ্তমানলৈ জানিব পৰা হোৱা নাই এই ভয়ংকৰ অগ্নিকাণ্ড কেনেকৈ সংঘটিত হ’ল । আৰক্ষীয়ে বৰ্তমান ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে ।

স্থানীয় ৰাইজৰ মতে, অট্টালিকাটোৰ সপ্তম মহলাত অগ্নিকাণ্ডটোৰ পূৰ্বেও বিস্ফোৰণৰ শব্দ শুনিবলৈ পোৱা গৈছিল।

অগ্নিকাণ্ডৰ কাৰণ নিৰ্ণয়ৰ বাবে ইতিমধ্যে অনুসন্ধান আৰম্ভ হৈছে। অগ্নিকাণ্ডটো সংঘটিত হোৱাৰ লগে লগে ততালিকে অট্টালিকাটোৰ কাষৰীয়া অট্টালিকাসমূহৰ আৱাসীসকলক ঘৰ খালী কৰিবলৈ নিৰ্দেশ দিয়া হয়। পৰিস্থিতি শাম কটাৰ পাছত আৱাসীসকল নিজ গৃহলৈ উভতি যায়(Three killed in explosion followed by fire in Paris apartment building)।

লগতে পঢ়ক : IED Detected, Defused in Chhattisgarh : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণৰ পূৰ্বে আই ই ডি উদ্ধাৰ