APDCLৰ নতুন মুখ্য সচিব হ’ব IAS পৱন কুমাৰ বৰঠাকুৰ
নিউজ ডেস্ক, ১১ আগষ্ট : অসম চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব, পৰিৱৰ্তন আৰু উন্নয়ন, সাংস্কৃতিক পৰিক্ৰমা আৰু পৰ্যটন বিভাগৰ অতিৰিক্ত মুখ্য সচিব আৰু অসম প্ৰশাসনিক ন্যায়াধিকৰণৰ অধ্যক্ষ IAS পবন কুমাৰ বৰঠাকুৰে ( Paban Kumar Borthakur) ৩১ আগষ্ট, ২০২২ তাৰিখে বা পৰৱৰ্তী জাননী নোপোৱালৈকে জিষ্ণু বৰাৰ (Jishnu Barua) অৱসৰৰ পিছত অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ (APDCL) নতুন মুখ্য সচিব হিচাপে দায়িত্ব গ্ৰহণ কৰিব।
১১ আগষ্টত এক চৰকাৰী জাননী অনুসৰি, APDCLৰ বৰ্তমানৰ মুখ্য সচিব IAS জিষ্ণু বৰুৱাই অৱসৰৰ পিছলৈকে এপিডিচিএলৰ অধ্যক্ষ হিচাপে অব্যাহত থাকিব।
উল্লেখ্য যে, জিষ্ণু বৰুৱাক ২০২০ চনৰ ৩১ অক্টোবৰত APDCLৰ মুখ্য সচিব হিচাপে নিযুক্তি দিয়া হৈছিল আৰু দুবছৰ কাৰ্যনিৰ্বাহ কৰিছিল।