Local, Vocal, Global

উত্তৰ প্ৰদেশৰ বান্দাৰ যমুনা নদীত অঘটন

নিউজ ডেস্ক, ১১ আগষ্ট : বৃহস্পতিবাৰে সন্ধিয়া উত্তৰ প্ৰদেশৰ বান্দাৰ (Banda) যমুনা নদীত (Yamuna river) ৩০-৩৫ জন লোকক কঢ়িয়াই নিয়া এখন নাও ডুবি যোৱাৰ ফলত মহিলা আৰু শিশুসহ কমেও চাৰিজন লোকৰ মৃত্যু হোৱাৰ লগতে আন কেইবাজনো লোক ডুবি যোৱাৰ আশংকা কৰা হৈছে।

বাতৰি অনুসৰি, নাওখন মাৰ্কাৰ পৰা ফতেহপুৰ জিলাৰ জাৰাউলি ঘাটলৈ গৈ থকা অৱস্থাত সংঘটিত হৈছিল শোকাৱহ ঘটনাটো ।

আৰক্ষী বিষয়াসকলে জনোৱা অনুসৰি, ডুবাৰুৰ সহায়ত সন্ধানহীন লোকসকলক বিচাৰি উলিওৱাৰ বাবে অনুসন্ধান অভিযান আৰম্ভ কৰা হৈছে।

আৰক্ষী বিষয়াসকলে লগতে কয়, প্ৰায় সাতৰ পৰা আঠজন লোকে সুৰক্ষিত স্থানলৈ সাঁতুৰিবলৈ সক্ষম হৈছিল।

ইফালে, উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে (Yogi Adityanath) বান্দাত নাও দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা লোকসকলৰ বাবে শোক প্ৰকাশ কৰি শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে।

উত্তৰ প্ৰদেশৰ (Uttar Pradesh) মুখ্যমন্ত্ৰী কাৰ্যালয়ে কয় যে মুখ্যমন্ত্ৰী আদিত্যনাথে জিলা প্ৰশাসনৰ বিষয়া, NDRF আৰু SDRF দলক তাৎক্ষণিকভাৱে ঘটনাস্থলীত উপস্থিত হ’বলৈ আৰু উদ্ধাৰ তথা সাহায্যৰ কাম কৰিবলৈ নিৰ্দেশ দিছে।