স্বামীয়ে পেট্ৰ’ল ঢালি জীৱন্তে জ্বলাই দিলে পত্নীক

নিউজ ডেক্স ১৯ জুলাই : পুনৰ ৰাজ্যত যৌতুকৰ বাবে নিহত এগৰাকী মহিলা ।নিজ পত্নীক পেট্ৰ’ল ঢালি জীৱন্তে জ্বলাই দিলে স্বামীয়ে।
ৰূপহীহাটত সংঘটিত এই ভয়ংকৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ অঞ্চলটোত।
উল্লেখযোগ্য যে মাত্ৰ ২ বছৰ পূৰ্বে মৈৰাবাৰিৰ ছাজিদ আলিৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল মৰ্জিনা খাতুন নামৰ মহিলাগৰাকীয়ে।
বিয়াৰ পিছৰেই পৰা যৌতুকৰ নামত ধন দাবী কৰি স্বামী চাজিদ আলিয়ে মৰজীনা খাতুনৰ উপৰত চলাই আহিছিল অকথ্য নিৰ্যাতন।
দেওবাৰে বাসগৃহৰ কোঠাত বন্ধ কৰি পেট্ৰ’ল ঢালি পত্নীক জীৱন্তেই জ্বলাই দিছিল পাষণ্ড স্বামীয়ে।
এই অমানবীক ঘটনা সংঘটিত কৰি ঘটনাস্থীৰ পৰা পলায়ন কৰে চাজিদ আলিয়ে।
ইতিমধ্যে নিহত মৰ্জিনাৰ পৰিয়ালৰ লোকে ৰূপহীহাট আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে।