Local, Vocal, Global

পত্নীক হত্যা কৰি আৰক্ষীৰ জালত স্বামী

ডিজিটেল ডেস্ক:- হাৰিয়ানাত চাঞ্চল্যকৰ ঘটনা। হাৰিয়ানাত অৰ্ধজ্বলা মৃতদেহ উদ্ধাৰ ।২৬ এপ্ৰিলত হাৰিয়ানা আৰক্ষীয়ে মনেছাৰৰ এখন গাঁৱত উদ্ধাৰ কৰে এগৰাকী মহিলাৰ অৰ্ধজ্বলা মৃতদেহ। এই অভিযোগত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে মহিলাগৰাকীৰ স্বামীক।আৰক্ষীয়ে স্বামীক গ্ৰেপ্তাৰ কৰাৰ পিছত অভিযুক্ত স্বামীয়ে নিজৰ অপৰাধ মানি লয়।

অভিযোগ অনুসৰি লোকজনে নিজৰ পত্নীক নিৰ্মমভাৱে প্ৰহাৰ কৰি হত্যা কৰিছিল।আৰু প্ৰথমে হাত দুখন কাটে আৰু তাৰ পিছত মূৰটো কাটি পেলালে। ইয়াৰ পিছত মৃতদেহটো জ্বলাই দিবলৈ চেষ্টা কৰে।

আৰক্ষীয়ে মহিলাগৰাকীক অন্য ঠাইত হত্যা কৰা বুলি সন্দেহ প্ৰকাশ কৰে।ইয়াৰ পিছতে মহিলাগৰাকীৰ কটা হাত উদ্ধাৰ কৰে আৰক্ষীয়ে। আৰু কটা মূৰটোৰ সন্ধান পোৱা নাছিল যদিও খেৰকিদৌলা আৰক্ষী থানা এলেকাত উদ্ধাৰ কৰা হয় মহিলাগৰাকীৰ কটা মূৰটো।

এই গোচৰত মহিলাগৰাকীৰ স্বামী জিতেন্দ্ৰক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। জিতেন্দ্ৰ গান্ধীনগৰৰ বাসিন্দা।মৃতমহিলা গৰাকী আৰু তেওঁৰ স্বামী মানেছাৰত ভাড়াতীয়া ঘৰত আছিল। আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে জিতেন্দ্ৰক। আৰু ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে। পঞ্চগাঁও চ’কৰ সমীপৰ কুকদোলা গাঁৱৰ এটা ঘৰৰ পৰা উদ্ধাৰ হৈছে মহিলাগৰাকীৰ অৰ্ধজ্বল মৃতদেহ।আনহাতে মহিলাগৰাকীৰ কটা মূৰৰ লগতে শৰীৰৰ বিভিন্ন অংগ উদ্ধাৰ কৰে আৰক্ষীয়ে।