Local, Vocal, Global

পশ্চিম বংগত বজ্ৰপাতৰ ফলত মৃত্যু ১৪ জন লোকৰ…

ডিজিটেল ডেস্ক:-পশ্চিম বংগত শোকাৱহ ঘটনা।বৃহস্পতিবাৰে নিশা পশ্চিম বংগৰ পাঁচখন জিলাত বজ্ৰপাত পৰে আৰু এই বজ্ৰপাতৰ ফলত কমেও ১৪ জন লোক নিহত হয়।

দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ এজন বিষয়াই জনোৱা মতে, বজ্ৰপাতৰ ফলত পূব বৰ্ধমান জিলাত চাৰিজন আৰু মুৰ্শিদাবাদ আৰু উত্তৰ ২৪ পৰগণাত দুজনকৈ লোক নিহত হয়।

দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ এজন বিষয়াই জনোৱা অনুসৰি, কলকাতা, হাওৰা, উত্তৰ ২৪ পৰগণা, পূৰ্ব বৰ্ধমান আৰু মুৰ্শিদাবাদকে ধৰি দক্ষিণ বংগৰ কেইবাখনো জিলা ধুমুহা বৰষুণৰ ফলত বেয়াকৈ ক্ষতিগ্ৰস্ত হয়।ইয়াৰোপৰি পশ্চিম মেদিনীপুৰ আৰু হাওৰা গ্ৰাম্যত তিনিজনকৈ লোকৰ মৃত্যু হয় কেৱল পশ্চিম বংগত নহয়, অসমতো বহু লোক ধুমুহা, বজ্ৰপাতৰ কবলত পৰি মৃত্যু মুখত পৰিছে।