Domestic violence : স্বামী আৰু শহুৰেক-শাহুৱেকে মিলি বোৱাৰীৰ গুপ্তাংগত ঢালিলে ভোট জলকীয়া আচাৰৰ তেল
মঙ্গলদৈ,২৩ছেপ্টেম্বৰ : নিকৃষ্ট, অমানৱীয়,ভয়ংকৰ ! দেশত ক্ৰমান্বয়ে বৃদ্ধি পাইছে অপৰাধজনিত ঘটনাৰ(Domestic violence)। মানুহ যেন সময়ৰ সোঁতত লাহে লাহে পশুলৈ ৰূপান্তৰিত হ’ব ধৰিছে। পোহৰলৈ আহিছে আন এক নিকৃষ্ট ঘটনাৰ । এইবাৰ বোৱাৰীক গুপ্তাংগত ঢালিলে ভোট জলকীয়া আচাৰৰ তেল(Husband and Parents in law torture daughter in law ) ।
ৰাজ্যত পুনৰ বোৱাৰী নিৰ্যাতনৰ ঘটনা । এইবাৰ ছিপাঝাৰত সংঘটিত হৈছে বোৱাৰী নিৰ্যাতনৰ দৰে এক জঘণ্য ঘটনাৰ । এইবাৰ বোৱাৰী নিৰ্যাতন চলাই গুপ্তাংগত ঢালিলে ভোট জলকীয়া আচাৰৰ তেল। ভু্ক্তভোগীৰ পাছে পাছে খেদি আহিল স্বামী আৰু শহুৰেক-শাহুৱেক। নিৰ্যাতনৰ পৰা পৰিত্ৰাণৰ কোনো উপায় নেদেখি মহিলাই পোনে পোনে জাঁপ দিলে ঘৰৰ কাষতে থকা পুখুৰীটোত।যন্ত্ৰণাত চটফটাই থকা মহিলাগৰাকীয়ে পুখুৰীৰ পানীৰ মাজৰ পৰা মৰণকাতৰ চিঞঁৰ মাৰিছে ৷ মহিলাৰ মৰণকাতৰ চিঞৰ শুনি ঘৰৰ পৰা ওলাই আহিল প্ৰতিৱেশী।পুখুৰীত ডিঙিলৈকে ডুবি চিঞৰত গগনফলা মহিলাগৰাকীৰ কাষ চাপি আহিল দুই এগৰাকী মহিলা। চুবুৰীয়া ওলাই অহা দেখি ঘৰৰ ভিতৰলৈ সোমাল নিৰ্যাতনকাৰী স্বামী, শহুৰেক আৰু শাহুৱেক।
ভুক্তভোগী মহিলাগৰাকীয়ে প্ৰতিবেশীক ক’লে গুপ্তাংগত ভোট জলকীয়া আচাৰৰ তেল ঢালি দিয়াৰ কথা, লগে লগে চিকিৎসকৰ ওচৰলৈ লৈ গ’ল ভুক্তভোগী মহিলাগৰাকীক। অৱশেষত এদিনৰ পাছত কোনোমতে সুস্থিৰ হয় ভুক্তভোগী মহিলাগৰাকীৰ ।
উল্লখ্য যে, প্ৰায় দহ বছৰ পূৰ্বে পশ্চিম ছিপাঝাৰৰ আইনুদ্দিন আলিয়ে পলুৱাই নি বিয়া কৰাইছিল এইগৰাকী হিন্দু সম্প্ৰদায়ৰ যুৱতীক । বৰ্তমান দুই সন্তানৰ মাতৃগৰাকীক মঙলবাৰেই এনেদৰে স্বামী আৰু শহুৰ-শাহুৱে নিৰ্মম অত্যাচাৰ কৰিছিল যদিও পলমকৈ সামাজিক মাধ্যমত পোহৰলৈ আহে এই জঘণ্য ঘটনা । চুবুৰীয়া মহিলাসকলে প্ৰাথমিক চিটিৎসা প্ৰদান কৰাৰ পিছত বোৱাৰীগৰাকী লাহে লাহে সুস্থ হয় । ঘটনাৰ খবৰ পায় নিৰ্যাতিতাৰ ওচৰত উপস্থিত হয় ৰাজ্যিক মহিলা আয়োগৰ দল। আৰক্ষীয়ে এই ক্ষেত্ৰত বৰ্তমানলৈকে নিজাববীয়াকৈ গোচৰ কিয় লোৱা নাই বুলি অভিযোগ কৰে মহিলা আয়োগৰ নেত্ৰী নিলীমা দেৱীয়ে।
অৱশ্যে আৰক্ষীৰ তদন্ততহে সকলো প্ৰকাশ পাব৷ স্থানীয় লোকে সন্দেহ কৰাৰ দৰে এইয়া লাভ জেহাদ নে আন কিবা ? সঁচাকৈয়ে যদি মহিলাগৰাকীক অকথ্য নিৰ্যাতন কৰিছিল তাৰ অন্তৰালত ৰহস্য কি ?
লগতে পঢ়ক :Elephant menace in Tamulpur : তামুলপুৰত বন্যহস্তীৰ তাণ্ডৱ; বনৰীয়া হাতীৰ আক্ৰমণত নিহত এজন