পঞ্জাৱ আৰক্ষীৰ বৃহৎ সফলতা,অৱশেষত আৰক্ষীৰ জালত অমৃতপাল সিং!

ডিজিটেল ডেস্ক:- পঞ্জাৱ আৰক্ষীৰ বৃহৎ সফলতা। অৱশেষত আৰক্ষীৰ জালত অমৃতপাল সিং। শ্বাহকোটত আশ্ৰয় লৈ থকা অমৃতপালে চলাইছিল আত্মসমৰ্পণৰ চেষ্টা। ইয়াৰ মাজতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ৱাৰিছ পঞ্জাব ডেৰ নেতাজনক। অমৃতপাল সিঙক ডিব্ৰুগড়লৈ অনাৰ পূৰ্ণ সম্ভাৱনা।
ৱাৰিছ ডি পাঞ্জাৱৰ আইনী উপদেষ্টাই দেওবাৰে অভিযোগ কৰিছিল যে অমৃতপাল সিং খলিস্তানী নেতাক পঞ্জাৱ আৰক্ষীয়ে শ্বাহকোট আৰক্ষী থানাত গ্ৰেপ্তাৰ কৰিছিল।আৰক্ষীয়ে অমৃতপাল সিঙক ”ভুৱা এনকাউন্টাৰ”ত হত্যা কৰিব বিচৰা বুলিও অভিযোগ উত্থাপন কৰে অধিবক্তগৰাকীয়ে।
অমৃতপালৰ সিঙৰ জীৱনলৈ অহা ভাবুকিৰ কথা উল্লেখ কৰি ইমানে পঞ্জাৱ আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ৰ কাষ চাপি লেখ আবেদন দাখিল কৰে।ইমানক কোৱা হৈছিল, “আজি মই পঞ্জাৱ আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ত এটা অপৰাধমূলক লেখ আবেদন দাখিল কৰিছো।এয়া হাবিয়াছ কৰ্পাছ লেখ আৱেদন।অধিবক্তাই লগতে কয়, “ভাৰতীয় সংবিধানৰ ২১ নং অনুচ্ছেদ অনুসৰি, যি হৈছে জীৱনৰ অধিকাৰ।আদালতৰ যথাযথ পদ্ধতি অবিহনে আৰক্ষীয়ে কাকো প্ৰহাৰ কৰিব নোৱাৰে।এই আৱেদনত আমি পঞ্জাৱ আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ৰ আবেদন জনাইছো যে,অমৃতপাল সিঙৰ জীৱনলৈ ভাবুকি আহিছে আৰু তেওঁক শ্বাহকোট থানাত গ্ৰেপ্তাৰ কৰা হৈছে।