Local, Vocal, Global

Huge quantity of drugs seized : বুজন পৰিমাণৰ হেৰ’ইনসহ আটক দুই সৰবৰাহকাৰী

নিউজ ডেস্ক,৩১মাৰ্চ : ৰাজ্যত অব্যাহত আছে ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান । শনিবাৰে নিশা ধলাই থানাৰ আৰক্ষীয়ে ভাগাবাজাৰ মনিপুৰ মাৰ্কেটত অভিযান চলাই । অভিযানত আৰক্ষীয়ে ৩১ টা হেৰ’ইন ভৰ্তি চাবোনৰ বাকচ জব্দ কৰে(Huge quantity of drugs seized in Dhalai) ।

বাকচ কেইটাৰ পৰা আৰক্ষীয়ে মুঠ ৩৭৫ গ্ৰাম সন্দেহ জনক হেৰ’ইন জব্দ কৰে। জব্দ কৰা হেৰ’ইনৰ মূল্য প্ৰায় ২ কোটি টকা বুলি সদৰি কৰিছে আৰক্ষীয়ে।

ইফালে, ড্ৰাগছ সৰবৰাহৰ অভিযোগত আৰক্ষীয়ে মুজিবুৰ ৰহমান বৰভূঞা আৰু হিৰুমণি লস্কৰ নামৰ দুজন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে।‌

আটকাধীন লোককেইজনৰ ঘৰ থানাৰ অন্তৰ্গত ককাই পুঞ্জী আৰু খানপুৰত বুলি জানিব পৰা গৈছে। জব্দ কৰা হেৰ’ইন খিনি চুবুৰীয়া ৰাজ্য মিজোৰামৰ আইজলৰ পৰা কাছাৰলৈ অনাৰ সময়তহে ধলাই আৰক্ষীয়ে গোপন তথ্যৰ ভিত্তিত জব্দ কৰে(Huge quantity of drugs seized)।

লগতে পঢ়ক :SST seized 30 lakh cash : চিলাপথাৰত জব্দ নগদ ৩০লাখ টকা