Local, Vocal, Global

মেট্রিক আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা অনুষ্ঠিত কৰিবলৈ সাজু হৈছে শিক্ষা বিভাগ

ৰাজ্যৰ শিক্ষাখণ্ডত অব্যাহত থকা অচলাৱস্থাৰ মাজতে মেট্রিক আৰু উচ্চতৰ মাধ্যমিক (হায়াৰ ছেকেণ্ডাৰী)ৰ চূড়ান্ত পৰীক্ষা অনুষ্ঠিত কৰিবলৈ সাজু হৈছে শিক্ষা বিভাগ৷ সংকুচিত পাঠ্যক্রমেৰে শীঘ্রে ৰাজ্যৰ শিক্ষা বিভাগে অনুষ্ঠিত কৰিব মেট্রিক আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা৷ এই কথা সদৰী কৰিছে শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে৷ শিৱসাগৰ জিলাত উপস্থিত হোৱা মন্ত্রীগৰাকীয়ে সংবাদ মাধ্যমৰ আগত কয় যে ৰাজ্যত মেট্রিক আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা অনুষ্ঠিত হ’ব৷ পৰীক্ষা অনুষ্ঠিত নোহোৱাৰ কোনো ভিত্তি বা কাৰণ নাই৷ এই প্রসংগতে শিক্ষামন্ত্রীগৰাকীয়ে কয়– ‘কোন তাৰিখত এই পৰীক্ষা অনুষ্ঠিত হ’ব অথবা কেনেধৰণে এই পৰীক্ষাসমূহ অনুষ্ঠিত হ’ব, সেয়া বিবেচনাধীন হৈ আছে৷ পৰিস্থিতি উন্নত হোৱাৰ লগে লগে যেতিয়া আমি স্বাস্থ্য বিভাগৰ পৰা অনুমতি লাভ কৰিম, তেতিয়াই আমি পৰীক্ষা অনুষ্ঠিত কৰিবলৈ আমাৰ বিভাগ প্রস্তুত হৈ আছে৷ ১৫ দিনৰ জাননীৰ ভিত্তিত পৰীক্ষা অনুষ্ঠিত কৰিবলৈ আমি সষ্টম হৈ আছোঁ৷ চি বি এছ ইয়েও সংকুচিত পাঠ্যক্রমেৰে পৰীক্ষা অনুষ্ঠিত কৰিবলৈ সিদ্ধান্ত লৈছে৷ আমাৰ উচ্চতৰ মাধ্যমিক আৰু মেট্রিক এই সংকুচিত পাঠ্যক্রমৰে অনুষ্ঠিত কৰা হ’ব৷’ইপিনে বিগত সময়ছোৱাত ৰাজ্যৰ বিভিন্ন দল–সংগঠন আৰু শিক্ষাবিদেৰে হোৱা আলোচনাৰ প্রসংগ উল্লেখ কৰি তেওঁ কয়– ‘সকলোৰে মতামত আমি গ্রহণ কৰিছোঁ৷ কোনকেইটা বিষয়ৰ পৰীক্ষা অনুষ্ঠিত হ’ব, সেয়া কেইদিনমানৰ ভিতৰতে স্পষ্ট হ’ব৷ সংকুচিত পাঠ্যক্রমেৰে পৰীক্ষা অনুষ্ঠিত হ’ব৷আনহাতে, চি টেটত উত্তীর্ণ একাংশ প্রার্থীয়ে শিক্ষক পদৰ বাবে আবেদন কৰা প্রসংগৰ প্রতিক্রিয়া প্রকাশ কৰি শিক্ষামন্ত্রী ডাঃ পেগুৱে কয়– ‘চি টেট কেন্দ্রীয় চৰকাৰে অনুষ্ঠিত কৰে৷ আমাৰ বিদ্যালয়সমূহে ৰাজ্য চৰকাৰে টেট অনুষ্ঠিত কৰি আহিছে৷ অসমত টেটৰ প্রার্থী নাথাকিলে চি টেটৰ পৰা নিযুক্তি দিব পৰা যায়৷ কিন্তু বর্তমান অসমত টেট উত্তীর্ণ আছে৷ সেয়েহে চি টেট উত্তীর্ণসকলক বর্তমান নিযুক্তি দিয়াৰ কোনো নীতি আমাৰ নাই৷