মেট্রিক–উচ্চতৰ মাধ্যমিক পৰীক্ষা ক’ভিড সংক্রমণ ১ শতাংশলৈ হ্রাস পালেই হ’ব
মেট্রিক–দ্বাদশ শ্রেণীৰ চূড়ান্ত পৰীক্ষা চি বি এছ ইয়ে বাতিল কৰিলেও অসমে মেট্রিক আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা অনুষ্ঠিত কৰিব৷ ৰাজ্যখনৰ ক’ভিড পৰিস্থিতিৰ উপশম ঘটিলেই, সংক্রমণৰ সংখ্যা ১ শতাংশলৈ নামিলেই ছেবা আৰু অসম মাধ্যমিক শিক্ষা সংসদে মেট্রিক আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা অনুষ্ঠিত কৰিব৷
শনিবাৰে গুৱাহাটীত এখন সংবাদ মেলত শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে এই কথা প্রকাশ কৰে৷ সংবাদ মেলখনত শিক্ষামন্ত্রী ডাঃ পেগুৱে কয় যে অসম চৰকাৰে মেট্রিক আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা অনুষ্ঠিত কৰাৰ পক্ষত আছে৷ পৰীক্ষা বাতিল কৰিলে সমস্যাৰ সমাধান নহয়৷ বৰং নতুন সমস্যা উদ্ভৱহে হয়৷ বহুতৰে বাবে মেট্রিক আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফল গুৰুত্বপূর্ণ৷ চিকিৎসক, অভিযন্তা হোৱাৰ বাবে প্রৱেশ পৰীক্ষাত উত্তীর্ণ হৈ নামভর্তি কৰিবলগীয়াসকলৰ বাবে মেট্রিক–উচ্চতৰ মাধ্যমিকৰ ফলাফল গুৰুত্বপূর্ণ নহয়৷ কিন্তু টেটত অৱতীর্ণ হৈ শিক্ষকৰ চাকৰিৰ বাবে আবেদন কৰিবলগীয়াসকলৰ বাবে মেট্রিক, উচ্চতৰ মাধ্যমিকৰ নম্বৰ গুৰুত্বপূর্ণ৷ ৰাজ্যিক পর্যায়ত নিজৰ কেৰিয়াৰ আগবঢ়াই লৈ যাব বিচৰাসকলৰ বাবেও মেট্রিক–উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফল গুৰুত্বপূর্ণ৷ সেয়ে চৰকাৰে মেট্রিক, উচ্চতৰ মাধ্যমিক পৰীক্ষা অনুষ্ঠিত কৰাৰ পক্ষত আছে৷ ইয়াৰ বাবে চৰকাৰে আপ্রাণ চেষ্টা চলাই আছে, যাতে ক’ভিড পৰিস্থিতি স্বাভাৱিক অৱস্থালৈ আনিব পাৰি৷ ক’ভিড পৰিস্থিতি যেতিয়াই উন্নত হ’ব, তেতিয়াই পৰীক্ষা অনুষ্ঠিত কৰাৰ ব্যৱস্থা কৰিব