HSLC exam result 2024 : হাইস্কুল শিক্ষান্ত পৰীক্ষাত তৃতীয় স্থান লাভ কৰিলে মাজুলীৰ মানস প্ৰতীম শইকীয়াই
নিউজ ডেস্ক, ২০ এপ্ৰিল : ৰাজ্যত দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে ব্যাপক প্ৰস্তুতি মাজতে শনিবাৰে ঘোষণা হ’ল হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ।
শনিবাৰে ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত ৫ টা স্থানৰ ভিতৰত তৃতীয় স্থানত উজ্জ্বলিল মাজুলীৰ মানস প্ৰতীম শইকীয়াই । ৫৮৮ নম্বৰ লাভেৰে তৃতীয় স্থান দখল কৰিবলৈ সক্ষম হ’ল মাজুলীৰ কমলাবাৰীৰ আইলেণ্ড একাডেমীৰ মানস প্ৰতিম শইকীয়াই(HSLC exam result 2024)।
মানস প্ৰতিম শইকীয়াই ফলাফল ঘোষণাৰ পাচতে মাজুলীৰ আইলেণ্ড একাডেমীত উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰিছে । বিদ্যালয়খনৰ লগতে মাজুলীলৈ গৌৰৱ কঢ়িয়াই আনিলে মানসে । যাৰ বাবে উৎফুল্লিত মাজুলীবাসী । মানসৰ বাসগৃহত আনন্দমুখৰ পৰিৱেশে বিৰাজ কৰিছে । একেদৰে শিক্ষকসকলেও বিহু নাচি মানসৰ এই সফলতা উদযাপন কৰিলে ।
মানস প্ৰতীম শইকীয়াৰ বাসগৃহ আৰু তেওঁ অধ্যয়ন কৰা বিদ্যালয়খনত বহুলোকে ভিৰ কৰা দেখা গৈছে । ঢোল, পেঁপা বজাই মানসক শুভেচ্ছা জনাইছে । ইফালে বাসগৃহত উপস্থিত হৈ আত্মীয় আৰু শুভাকাংক্ষীয়ে তেওঁক সম্বৰ্ধনা জ্ঞাপন কৰিছে । বিভিন্ন সংগঠনেও মেধাৱী ছাত্ৰজনক গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰিছে । ইফালে ভৱিষ্যতে সুনাগৰিক হোৱাৰ লগতে অভিযন্তা হোৱাৰ আশা মানসৰ ।
লগতে পঢ়ক : HSLC exam result 2024 : হাইস্কুল শিক্ষান্ত পৰীক্ষাত সফলতাৰে জিলিকিল নগাঁও জিলাৰ দেৱশ্ৰী কাশ্যপ