Local, Vocal, Global

HSLC exam result 2024 : আজি ঘোষণা হ’ল হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল

নিউজ ডেস্ক, ২০ এপ্ৰিল : বহু উৎকণ্ঠাৰ মাজতে আজি ঘোষণা কৰা হ’ল হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল(HSLC result) । ছেবাৰ ৱেবছাইটত উপলব্ধ হৈছে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলসমূহ(HSLC exam result 2024) ।

শনিবাৰে ঘোষণা পুৱা ১০.৩০ বজাত ছেবাৰ ১০ টা ৱেবচাইটত উপলব্ধ হ’ব এই ফলাফলসমূহ।

এইবাৰ পূৰ্বৰ শীৰ্ষৰ ১০টা স্থানৰ পৰিৱৰ্তে ৩টা স্থানহে ঘোষণা কৰা হৈছে। ইয়াৰ পূৰ্বে শীৰ্ষ স্থান দখল কৰা প্ৰথম ৫ জনৰ নাম ঘোষণা কৰিছে ছেবাই।শীৰ্ষ তিনিটা স্থানত আছে এইবাৰ পাঁচজনকৈ শিক্ষাৰ্থী।

২০২৪ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত সৰ্বাধিক ৫৯৩ নম্বৰ লাভেৰে প্ৰথম স্থান দখল কৰিছে যোৰহাটৰ প্ৰজ্ঞা একাডেমী ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ অনুৰাগ দলৈয়ে।

৫৯০ নম্বৰ লাভেৰে দ্বিতীয় স্থান লাভ কৰিছে বিশ্বনাথৰ শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ ঝৰ্ণা শইকীয়াই।

৫৮৮ নম্বৰ লাভেৰে তৃতীয় স্থান দখল কৰিছে মাজুলীৰ কমলাবাৰীৰ আইলেণ্ড একাডেমীৰ মানস প্ৰতিম শইকীয়াই।

৫৮৮ নম্বৰ লাভেৰে তৃতীয় স্থানত আছে বৰপেটাৰ সৰুপেটাৰ ষ্টেলা মেৰিজ স্কুলৰ বেদান্ত চৌধুৰী।

৫৮৮ নম্বৰ লাভেৰে তৃতীয় স্থানত আছে নগাঁৱৰ ৰামানুজন ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ দেৱশ্ৰী কাশ্যপ।

এইবাৰ পৰীক্ষাৰ ফলাফলত নাই পূৰ্বৰ দৰে স্থানপ্ৰাপক