টকা কেনেকৈ তৈয়াৰ কৰা হয়

টকা কিহেৰে তৈয়াৰ কৰা হয় ? এই প্ৰশ্ন কৰিলে বহুলোকেই ক’ব, কাগজেৰ পৰা তৈয়াৰ কৰা হয় । এইটো কোৱাটো স্বাভাৱিক। কাৰণ আমাৰ দেশত যি সমূহ টকাৰ নোট দেখে ,সেইসমূহ কাগজেৰে তৈয়াৰী ! কিন্তু নহয়। ৰিজাৰ্ভ বেংকে এই বিষয়ে অন্য তথ্য দিছে আৰু সেই তথ্য জানি আচৰিত হ’ব আপুনি।
ৰিজাৰ্ভ বেংকে কৈছে যে টকাৰ নোটবোৰ কেৱল কাগজেৰে তৈয়াৰ কৰিলে বেছি দিন নাথাকিব। কাৰণ কাগজ বহনক্ষম নহয়। তেন্তে ভাৰতত টকাৰ নোট কি দি তৈয়াৰ কৰা হয় ?
ৰিজাৰ্ভ বেংকে কৈছে যে নোট তৈয়াৰ কৰাৰ বাবে কপাহ হৈছে অন্যতম মুখ্য আৰু গুৰুত্বপূৰ্ণ কেঁচা সামগ্ৰী। টকাৰ নোট তৈয়াৰ কৰিবলৈ ১০০ শতাংশ কপাহ ব্যৱহাৰ কৰা হয়। কেৱল ভাৰতেই নহয় বহুতো দেশে নোট তৈয়াৰ কৰিবলৈ কপাহক কেঁচা মাল হিচাপে ব্যৱহাৰ কৰে।
কপাহত থকা আঁহক লিনেন বুলি কোৱা হয়। টকা প্ৰস্তুত কৰোঁতে, কপাহক অধিক দীৰ্ঘম্যাদী কৰি তুলিবলৈ জিলেটিন আঠা যুক্ত দ্ৰৱণৰ স’তে মিহলি কৰা হয়। ফলস্বৰূপে, টকাৰ নোটবোৰ সহজে ফাটি নাযায়।