Local, Vocal, Global

Horrific Bus Accident in Badaun : তীব্ৰবেগী বাছৰ সৈতে স্কুল ভেনৰ মুখামুখি সংঘৰ্ষ

নেশ্যনেল ডেস্ক,৩০অক্টোবৰ : ভয়ংকৰ পথ দুৰ্ঘটনা । তীব্ৰবেগী বাছৰ সৈতে স্কুল ভেনৰ মুখামুখি সংঘৰ্ষ ফলত নিহত ৫টাকৈ শিশু । আহত ১৬টাকৈ শিশু(Horrific Bus Accident in Badaun) ।

উত্তৰ প্ৰদেশৰ বদাঁযু জিলাত সংঘটি হৈছে এই ভয়ংকৰ দুৰ্ঘটনাটো । সোমবাৰে বদাঁযু জিলাত এখন তীব্ৰবেগী বাছৰ সৈতে স্কুল ভেনৰ সংঘৰ্ষ হয়(Four School Students Killed In Horrific Bus Accident In UP’s Badaun) ৷

এই সংঘৰ্ষৰ ফলত স্কুল ভেনখনৰ শিশুসহ চালকগৰাকীৰ মৃত্যু হোৱাৰ বিপৰীতে ১৬ টাকৈ শিশু আহত হয় । আহতসকলৰ শিশুসকলৰ ভিতৰত ৫ টি শিশুৰ অৱস্থা সংকটজনক ।

জানিব পৰা মতে, বদৌন থানা এলেকাৰ অন্তৰ্গত উছাৱা অঞ্চলৰ নভিগঞ্জৰ সমীপত ভেনখন বিদ্যালয়লৈ গৈ থকা অৱস্থাতে সংঘটিত হয় এই ঘটনাটো । দুৰ্ঘটনাগ্ৰস্ত বাহনখনত প্ৰায় ২০ টা শিশু আছিল।

এই দুৰ্ঘটনা পিছতে ততাতৈয়াকৈ আহতসকলক বদৌন চিকিৎসা মহাবিদ্যালয় আৰু জিলা চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় । চিকিৎসালয়ত গৈ পোৱাৰ অৱস্থাত ৫টাকৈ শিশুৰ মৃত্যু হয় ।

চিকিৎসকৰ ভাষ্য অনুসৰি মৃতকৰ সংখ্যা বৃদ্ধিৰ আশংকা আছে(Four School Students Killed In Horrific Bus Accident In UP’s Badaun) ।

এই ভয়কৰ দুৰ্ঘটনাটোৰ বিষয়ে খবৰ পোৱাৰ লগে লগে জিলা দণ্ডাধীশ আৰু জ্যেষ্ঠ আৰক্ষী অধীক্ষকে বদৌন জিলা চিকিৎসালয়ত উপস্থিত হৈ আহতসকলৰ অৱস্থাৰ বিষয়ে বুজ লয় । আহত শিশুসকলক গুৰুত্ব সহকাৰে চিকিৎসা সেৱা কৰিবলৈ চিকিৎসকসকলক কয় প্ৰশাসনে ।

বদাঁযুৰ জিলা দণ্ডাধীশ মনোজ কুমাৰে এই ঘটনাৰ সন্দৰ্ভত জনোৱা অনুসৰি, সোমবাৰৰ পুৱা বিপৰীত দিশৰ পৰা যোৱা এখন বাছত খুন্দা মাৰে স্কুল ভেনখনে । বিদ্যালয়ৰ ভেনখনত থকা চালকজন আৰু তিনিজন ছাত্ৰৰ থিতাতে মৃত্যু ঘটে আৰু দুৰ্ঘটনাটোৰ বিষয়ে অধিক তথ্য সংগ্ৰহ কৰি থকা বদাঁযুৰ জিলা দণ্ডাধীশ কয় ।

ইফালে এই ভয়ংকৰ ঘটনাৰ বিষয়ে শিশুসকলৰ আত্মীয়ই জনোৱা অনুসৰি আহত এটি শিশুৱে বাছ চালকজনে গাড়ী চলোৱা নাছিল বুলি জনায় । বাছখন আন কোনোবাইহে চলাইছিল বুলি অৱগত কৰে । নতুন চালকজনে ভুলকৈ বাছখন চলাইছিল বুলিও শিশুটিয়ে কয় । ইয়াৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হয় বুলি প্ৰথমিকভাৱে সন্দেহ প্ৰকাশ কৰা হৈছে । ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে ।

লগতে পঢ়ক : Kerala serial blasts : কেৰালাৰ ভয়ংকৰ বোমা বিস্ফোৰণত নিহতৰ সংখ্যা বৃদ্ধি