Local, Vocal, Global

Several Buses On Fire Near A Garage : বিধ্বংসী অগ্নিকাণ্ড,অগ্নিকাণ্ড জাহ গ’ল ৯খনতকৈও অধিক বাছ

নেশ্যনেল ডেস্ক, ৩০অক্টোবৰ : বিধ্বংসী অগ্নিকাণ্ড । নিমিষতে চানি ধৰিলে বিধ্বংসী অগ্নিকাণ্ডই । অগ্নিকাণ্ড জাহ গ’ল ৯খনতকৈও অধিক বাছ(Several Buses On Fire Near A Garage) ।

বেংগালুৰুৰত সংঘটিত হৈছে ভয়ংকৰ অগ্নিকাণ্ড । সোমবাৰে বেংগালুৰুৰ বীৰাভদ্ৰ নগৰৰ বাছ আস্থানত সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ড ৷ বাছ আস্থানত আকস্মিকভাৱে সংঘটিত হয় অগ্নিকাণ্ড ফলত জাহ যায় ৯খনতকৈও অধিক বাছ(Several Buses On Fire Near A Garage In Bengaluru) ।

এছ ভি কোচ নামৰ বাছ আস্থানটোত নতুন আৰু পুৰণি বাছৰ ইঞ্জিনৰ বডি ফিট কৰাৰ কাম কৰা সময়তে সংঘটিত হয় এই অগ্নিকাণ্ড । জানিব পৰা মতে জুইৰ লেলিহান শিখাই হঠাতে ছানি ধৰে আস্থানত ৰখাই থোৱা বাছবোৰত(Buses gutted at coach building garage due to accidental fire) ৷

এই অগ্নিকাণ্ডৰ খবৰ লাভ কৰাৰ লগে লগে ঘটনাস্থলীত উপস্থিত হয় দুখনকৈ অগ্নিনিৰ্বাপক বাহিনীৰ বাহন আৰু জুই নিৰ্বাপনৰ চেষ্টা কৰে( Massive Fire Breaks In Bengaluru Bus Depot, 5-10 Buses Gutted) ৷

উল্লেখ্য যে, এই অগ্নিকাণ্ডৰ ফলত অধিক বাছ ক্ষতিগ্ৰস্ত হোৱাৰ সম্ভাৱনা আছে ৷ অৱশ্যে বৰ্তমানলৈ এই অগ্নিকাণ্ডৰ ফলত কোনো লোক হতাহত হোৱাৰ তথ্য লাভ কৰা হোৱা নাই ৷

লগতে পঢ়ক :Kerala serial blasts : কেৰালাৰ ভয়ংকৰ বোমা বিস্ফোৰণত নিহতৰ সংখ্যা বৃদ্ধি