Local, Vocal, Global

হাৰিয়ানাত ভয়ংকৰ ঘটনা ! তিনিমহলীয়া অট্টালিকা খহি আহত ২০ জন,নিহত ৪ জন…

ডিজিটেল ডেস্ক:- হাৰিয়ানাত ভয়ংকৰ ঘটনা।মঙলবাৰে হাৰিয়ানাৰ কৰ্ণাল জিলাত তিনিমহলীয়া অট্টালিকা খহি পৰে। ফলত কেইবাজনো চাউল কলকৰ্মী ধ্বংসাৱশেষৰ তলত আৱদ্ধ হৈ পৰে। বাতৰি অনুসৰি, শ শ শ্ৰমিক অট্টালিকাটোৰ ভিতৰত শুই আছিল।

সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপ কৰি ডিচি কৰ্ণাল অনীশ যাদৱে কয় যে, মুঠ ২৪ জন লোক আছিল যাৰ ভিতৰত ২০ জন আহত হৈছে আৰু ৪ জন নিহত হৈছে। ঘটনাটো সংঘটিত হোৱাৰ সময়ত প্ৰায় ১৫০ জন শ্ৰমিক ভৱনটোৰ ভিতৰত আছিল।ঘটনা সংঘটিত হোৱাৰ সয়মত ১২০ জন শ্ৰমিক নিৰাপদে অট্টালিকা পৰা বাহিৰলৈ ওলায় আহিবলৈ সক্ষম হয়।জানিব পৰা মতে,ঘটনাটো সংঘটিত হোৱাৰ সময়ত শ্ৰমিক সকল শুই আছিল।

আহতসকলক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।ঘটনাস্থলীত অগ্নি নিৰ্বাপক বাহিনী আৰু কেইবাখনো এম্বুলেন্সৰ উপস্থিত হয় আৰু উদ্ধাৰ অভিযান চলাই।