Manipur Violence : আজি বিয়লি ৩বজাত দিল্লীত সৰ্বদলীয়া বৈঠক
নেশ্যনেল ডেস্ক, ২৪জুন : আজি বিয়লি ৩বজাত দিল্লীত সৰ্বদলীয়া বৈঠক।কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ অধ্যক্ষতাত অনুষ্ঠিত কৰা হ’ব এই বৈঠকখন (Union Home Minister Amit Shah)। বৈঠকখনত আলোচনা কৰা হব মণিপুৰত সংঘটিত হিংসাত্মক পৰিস্থিতিৰ সাম্প্ৰতিক পৰিস্থিতিৰ বিষয়ে।৩ মে’ৰ পৰা ৰাজ্যখনত হিংসাত্মক ঘটনা সংঘটিত হৈছিল যিয়ে পাছত অতি ভয়াবহ ৰূপ লয় যাৰ ফলত ৰাজ্য চৰকাৰে শান্তি বজাই ৰখাৰ বাবে ২৫ জুনলৈকে ইণ্টাৰনেট নিষেধাজ্ঞা কৰে ।
মণিপুৰত হৈ থকা হিংসাত্মক ঘটনাৰ আজি ৫১টা দিন পাৰ হল কিন্তু তাৰ পাছটো এই হিংসাত্মক ঘটনাৰ অৱসান ঘটা নাই। মণিপুৰৰ ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰে হিংসাত্মক ঘটনাক অৱসান ঘটোৱাৰ বাবে চেষ্টা চলাইছে যদিও সফল হ’ব পৰা নাই (current situation in the violence Manipur)।
উল্লেখ্য যে মণিপুৰ ঘটনাৰ সংক্ৰান্তত মণিপুৰৰ শাসকীয় দলৰ পৰা আদি কৰি বিৰোধী দলে প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰিবলৈ বিচাৰিছিল যদিও আজি পৰ্যন্ত ইয়াৰ সুবিধা লাভ কৰা নাই।প্ৰধানমন্ত্ৰীয়ে এই বিষয়ত সম্পূৰ্ণ মৌনতা অবলম্বন কৰা দেখা গৈছে।
উল্লেখ্য যে ,আজি অনুষ্ঠিত বৈঠকখনত মণিপুৰৰ বিষয়টো ৰাষ্ট্ৰীয় দলসমূহৰ সৈতে আলোচনা কৰা হ’ব। অৱশ্যে কংগ্ৰেছে এই বৈঠকখন অতি পলম আৰু অপৰ্যাপ্ত বুলি বৰ্ণনা কৰিছে মণিপুৰৰ শিক্ষা মন্ত্ৰী বসন্ত সিঙে ।
ইফালে সৰ্বদলীয় বৈঠক সন্দৰ্ভত কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে কয়, ‘মণিপুৰ ৫০ দিন জ্বলি আছে, কিন্তু প্ৰধানমন্ত্ৰী মৌনতা অৱলম্বন কৰিলে। প্ৰধানমন্ত্ৰী নিজে দেশত নথকা সময়ত সৰ্বদলীয় সভা আহ্বান কৰা হ’ল!ইয়াৰ পৰা স্পষ্ট হয় যে প্ৰধানমন্ত্ৰীৰ বাবে এই বৈঠক গুৰুত্বপূৰ্ণ নহয়।
লগতে কয় যে, যদি দিল্লীত বহি মণিপুৰৰ জনসাধাৰণৰ সৈতে আলোচনা কৰাৰ চেষ্টা কৰা হয়, তেন্তে ইয়াৰ কোনো গুৰুত্ব নাথাকিব।ইয়াৰ সমান্তৰালৈক ৰাহুল গান্ধীয়েও বৈঠক খনকলৈ প্ৰশ্ন উত্থাপন কৰিছে।
লগতে পঢ়ক : PM Modi Egypt Visit : প্ৰধানমন্ত্ৰী মোদীৰ দুদিনীয়া ইজিপ্ত ভ্ৰমণ