HIV positive case in Tinsukia : মাৰাত্মক HIV ৰ গ্ৰাসত তিনিচুকীয়া
তিনিচুকীয়া, ৫জুলাই : বৰ্তমান সময়ত ড্ৰাগছৰ কৰাল গ্ৰাসত পৰিছে যুৱ প্ৰজন্ম। ড্ৰাগছৰ ভয়াৱহতাই সমাজখনত এনেদৰে শিপাই গৈছে, যাৰবাবে ধ্বংস গৰাহলৈ ক্ৰমাৎ ঢাপলি মেলিছে এটা প্ৰজন্ম। বৰ্তমান সময়ত যুৱ প্ৰজন্মৰ মাজত ড্ৰাগছৰ আসক্তি ক্ৰমাগত বৃদ্ধি পাইছে। যাৰ ফলত ধ্বংস হবলৈ ধৰিছে পৰিয়াল,যুৱ প্ৰজন্মৰ স্বাস্থ্য আৰু কেৰিয়াৰ। ৰাজ্যত বৰ্তমানেও অব্যাহত আছে ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায় । ৰাজ্যৰ শাসনলৈ আহিয়েই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ড্ৰাগছ আৰু ড্ৰাগছ সৰবৰাহকাৰীৰ বিৰুদ্ধে যি হুংকাৰ দিছিল তাক ওফৰাই এতিয়াও ড্ৰাগছৰ ব্যৱসায় অব্যাহত ৰাখিছে একাংশ দুষ্টচক্ৰই ৷
নিতৌ সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰি আছে এই সমূহ ঘটনাই। আনহাতে ড্ৰাগছৰ বিৰুদ্ধে অব্যাহত আছে আৰক্ষীৰ নিৰৱিচ্ছিন্ন অভিযান । ড্ৰাগছৰ বিৰুদ্ধে অসম আৰক্ষীয়ে কঠোৰ স্থিতি গ্ৰহণ কৰি থকাৰ সময়তে চলি আছে ড্ৰাগছৰ ৰমৰমীয়া বেহা। আৰক্ষী যিমানে সষ্টম হৈছে সিমানে অপৰাধ আৰু অপৰাধীৰ সংখ্যাও বৃদ্ধি হৈ গৈ আছে।সমান্তৰালকৈ তিনিচুকীয়া জিলাটো ছানি ধৰিছে নিষিদ্ধ ড্ৰাগছৰ ৰমৰসমীয়া ব্যৱসায় ।
তিনিচুকীয়া জিলাৰ অধিকাংশ গাঁৱৰ যুৱক-যুৱতী মাৰাত্মক ড্ৰাগছৰ কৱলত পৰি অনিশ্চিত ভৱিষ্যতৰ দিশে অগ্ৰসৰ হৈছে (HIV Scenerio in Tinsukia) । তিনিচুকীয়াত আৰক্ষী সষ্টম হৈছে যদিও একাংশ দুষ্ট চক্ৰই চলাই আছে এই বৰ বিহৰ প্ৰচলন । সমগ্ৰ তিনিচুকীয়া জিলাখনতে নিষিদ্ধ ড্ৰাগছৰ ব্যৱসায় অথবা ড্ৰাগছ সেৱনকাৰীৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পাবলৈ ধৰিছে ৷ অসম-অৰুণাচল সীমান্তৰ পেঙেৰী, বৰডুমচা,কাকপথাৰ,শদিয়া আদি অঞ্চলৰ একাংশ যুৱ প্ৰজন্ম নিষিদ্ধ ড্ৰাগছৰ কবলত ৷
তেনে ঘটনা সংঘটিত হৈ থকাৰ সময়তে ৰাজ্য় জোকাৰি গৈছে আন এক ঘটনাই। তিনিচুকীয়াৰ জিলাৰ ড্ৰাগছ আসক্ত যুৱক-যুৱতীৰ দেহত ধৰা পৰিছে এইছ আই ভি(HIV positive case) ।মাৰাত্মা এইছ আই ভি ৰোগীৰ সংখ্যা উজনিৰ ভিতৰত তিনিচুকীয়া জিলাত সৰ্বোচ্চ হোৱাত এতিয়া উদ্বিগ্ন হৈ পৰিছে অভিভাৱক তথা স্বাস্থ্য বিভাগ ৷যি খবৰে সংকিত কৰিছে ৰাজ্যৰ সচেতন মহলক(HIV Scenerio in Tinsukia)।
উল্লেখ্য যে, তিনিচুকীয়া জিলাত এইচ আই ভি পজিটিভ ৰোগীৰ সংখ্যাও ভয়ংকৰ হাৰত বৃদ্ধি পাবলৈ ধৰা বুলি ডাঃ ৰাণী গগৈয়ে জানিবলৈ দিয়ে ৷ তাৰ লগতে ড্ৰাগছ আসক্ত অধিকাংশ যুৱক-যুৱতীৰ শৰীৰত মাৰাত্মক এইচ আই ভি পজিটিভ ধৰা পৰাৰ কথাওঁ ডাঃ ৰাণী গগৈয়ে সদৰি কৰে(HIV positive case in Tinsukia) ৷
বিগত বৰ্ষত জিলাখনত যিমান সংখ্যক এইচ আই ভি পজিটিভৰ সংখ্যা ধৰা পৰিছিল তাৰ তুলনাত চলিত বৰ্ষৰ তিনিটা মাহতে ৫০ শতাংশ লোকতকৈ অধিক লোকৰ দেহত এইচ আই ভি পজিটিভ ধৰা পৰিছে বুলি জনাই স্বাস্থ্য বিষয়াগৰাকীয়ে ৷ লগতে বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে যে, চিৰিঞ্জৰ সহায়লৈ ড্ৰাগছ লোৱাৰ বাবে ড্ৰাগছ আসক্তৰ দেহত এই মাৰাত্মক ৰোগে থিতাপি লৈছে ৷ ১৮ পৰা ৩০ বছৰ বয়সৰ যুৱকৰ দেহত এই মাৰাত্মক ৰোগৰ অৱস্থিতি ধৰা পৰাত ইতিমধ্যে জিলা এইডচ নিয়ন্ত্ৰণ বিভাগে সজাগতামূলক অভিযান আৰম্ভ কৰিছে ৷
লগতে পঢ়ক : SCERT Scam : SCERT কেলেংকাৰিৰ ছয় অভিযুক্তৰ জামিন আবেদন অস্বীকাৰ কৰিলে আদালতে