Local, Vocal, Global

HIV ৰ পৰা আৰোগ্য বিশ্বৰ প্ৰথম গৰাকী মহিলা

নিউজ ডেস্ক, ১৭ ফেব্ৰুৱাৰী: মার্কিন যুক্তৰাষ্ট্ৰৰ ৰক্তৰ কৰ্কট ৰোগৰে যুঁজি থকা এগৰাকী মহিলা আৰোগ্য হ’ল HIVৰ পৰা। AIDS ৰোগত আক্ৰান্ত কৰা ভাইৰাছ HIVৰ বিৰুদ্ধে স্বাভাৱিক ৰোগ প্ৰতিৰোধ ক্ষমতা থকা এগৰাকী ব্যক্তিৰ পৰা Stem Cell Transplant গ্ৰহণ কৰি আৰোগ্য হোৱা মহিলা গৰাকী বিশ্বৰ প্ৰথম গৰাকী মহিলা হিচাপে পৰিগণিত হৈছে।
  নাভিৰজ্জুৰ ৰক্তৰ পৰা সংগৃহীত Stem Cellৰে Acute Myeloid Leukemiaৰ চিকিৎসা কৰা এইগৰাকী বিশ্বৰ প্ৰথম মহিলা । ইফালে International AIDS Societyৰ অধ্যক্ষ ছেৰণ  লুইনে জনোৱা মতে, এগৰাকী মহিলা HIVৰ পৰা মুক্ত হোৱাৰ এইটো প্রথমটো ঘটনা। ইয়াৰ পূৰ্বেও দুজন পুৰুষ HIVৰ পৰা আৰোগ্য হৈছে।

এই উক্ত পদ্ধতিৰে HIVৰ বিৰুদ্ধে উদ্ভাৱনী চিকিৎসাৰ লছ এঞ্জেলচৰ কেলিফৰ্নিয়া বিশ্ববিদ্যালয় আৰু বাল্টিমৰৰ জনচ্ হপকিনচ্ বিশ্ববিদ্যালয়ত চলি থকা গৱেষণাৰ অংশ বিশেষ। এই বিশ্ববিদ্যালয় দুখনৰ চিকিৎসা বিজ্ঞানীসকলে HIVৰে আক্রান্ত প্ৰায় ২৫জনক চিনাক্ত কৰি গৱেষণা চলাই গৈছিল। পদ্ধতি অনুসৰি পোন প্ৰথমে ব্যক্তিজনক Chemotherapy প্ৰদান কৰি কৰ্কট সৃষ্টি কৰা কোষবোৰ ধ্বংস কৰা হয় তাৰ পিছত তেওঁলোকৰ গাত বিশেষ  Genetic Mutation কৰি এনে বিশেষ ব্যক্তিৰ Stem Cell সংৰোপন কৰা হয় যাৰ HIVৰ বিৰুদ্ধে স্বাভাৱিক ৰোগ প্ৰতিৰোধ ক্ষমতা আছে ।