ইতিহাস ৰচনা Antim Panghalৰ
নিউজ ডেস্ক, ২০ আগষ্ট : ইতিহাস ৰচনা কৰিলে ১৮ বছৰীয়া কনিষ্ঠ মল্লযোদ্ধা Antim Panghalএ। ২০ বছৰৰ তলৰ কুস্তি বিশ্ব চেম্পিয়নশ্বিপত (Under 20 Wrestling World Championships) স্বৰ্ণ জয় কৰা প্ৰথম ভাৰতীয় মহিলা মল্লযোদ্ধা হিচাপে পৰিগণিত হৈছে Antim Panghal।
বুলগেৰিয়াৰ ছফিয়াত (Sofia, Bulgaria) অনুষ্ঠিত চেম্পিয়নশ্বিপত এণ্টিমে ৫৩ কিলোগ্ৰাম শাখাত কাজাখস্তানৰ (Kazakhstan) আতলিন শগায়েভাক (Atlyn Shagayeva) পৰাস্ত কৰি স্বৰ্ণ পদক অৰ্জন কৰে।
পূৰ্বে, অনুৰ্ধ-২০ বিশ্ব চেম্পিয়ন হোৱা আন ভাৰতীয় মল্লযোদ্ধাসকল হৈছে দীপক পুনিয়া, ৰমেশ কুমাৰ, পালৱিন্দৰ সিং চিমা, আৰু পাপ্পু যাদৱ।