ABTৰ সৈতে সম্পৰ্কৰ সন্দেহত এটা মছজিদৰ ‘ইমাম’ সহ দুজন লোকক আটক
নিউজ ডেস্ক, ২০ আগষ্ট : সন্ত্ৰাসবাদৰ বিৰুদ্ধে অব্যাহবত থকা অভিযানত গোৱালপাৰা আৰক্ষীয়ে শনিবাৰে আনছাৰুল্লাহ বাংলা দলৰ (ABT) সৈতে সম্পৰ্কৰ সন্দেহত এটা মছজিদৰ ‘ইমাম’ সহ দুজন লোকক আটক কৰিছে।
আটক কৰা লোকসকলক দাকাইদালৰ আব্দুছ চোবাহান আৰু মাটিয়া অঞ্চলৰ জালাল উদ্দিন বুলি চিনাক্ত কৰা হৈছে।
জানিব পৰা অনুসৰি আব্দুছ চোবাহান টিনকনিয়াপাৰা মছজিদৰ ‘ইমাম’ আৰু টিনকনিয়াপাৰা মাদ্ৰাছাৰ এজন শিক্ষক।
জালাল উদ্দিনক শনিবাৰে ৰাতিপুৱা আৰক্ষীয়ে জিম্মাত লৈছিল, আনহাতে আব্দুছ চোবাহানক শুক্ৰবাৰে নিশা মছজিদত প্ৰাৰ্থনাৰ পিছত জিম্মাত লোৱা হৈছিল।
গোৱালপাৰা আৰক্ষীয়ে বৰ্তমান তেওঁলোক দুয়োকে জেৰা অব্যাহত ৰাখিছে ।
ইফালে, মছজিদৰ পৰিষদ আৰু ‘ইমাম’ৰ পৰিয়ালে আব্দুছ চোবাহানদোষী সাব্যস্ত হ’লে ‘উপযুক্ত শাস্তি’ৰ আহ্বান জনায়। অন্যথা, তেওঁলোকে আৰক্ষীক তেওঁক লগে লগে মুকলি কৰিবলৈ আহ্বান জনাইছিল।
অৱশ্যে, আৰক্ষী বিষয়াসকলে এতিয়ালৈকে কোনো তথ্য প্ৰকাশ কৰা নাই।
এইটো উল্লেখ কৰিব লাগিব যে আনছাৰুল্লাহ বাংলা দল (ABT) বাংলাদেশৰ এটা সন্ত্ৰাসবাদী সংগঠন যি আল-কায়েদা নেটৱৰ্কৰ অংশ।