Hindu Muslim harmony in Moran : হিন্দু-মুছলমানৰ সম্প্ৰীতিৰ নিদৰ্শন; সাম্প্ৰদায়িকতা নাশৰ প্ৰশংসনীয় পদক্ষেপ
মৰাণ,১১অক্টোবৰ : যিসময়ত সমগ্ৰ ভাৰতবৰ্ষত তথা অসমত হিন্দু-মুছলমানৰ মাজত সাম্প্ৰদায়িক বিষবাষ্পই ছানি ধৰিছে, ধৰ্মৰ নামত কটা-মৰা কৰিছে, সাতামপুৰুষীয়া একতাৰ এনাজৰীৰৰ ছিঙো ছিঙো অৱস্থা হৈছে তেনে সময়তো সম্প্ৰীতিৰ উজ্জল নিদৰ্শন দাঙি ধৰিছে বহুজনে(Example of Hindu Muslim harmony) । “শংকৰ-আজানৰ দেশ” এই বাণীক সাৰ্থক কৰাৰ বাবে এতিয়াও চেষ্টা অব্যাহত ৰাখিছে একাংশই(Communal harmony in Assam) ।
মৰাণত জীয়াই আছে ভাতৃত্ববোধ,জীয়াই আছে হিন্দু-মুছলমানৰ একতা।তাৰেই প্ৰমাণ পুনৰ দাঙি ধৰিলে মৰাণত । মৰাণত হিন্দু-মুছলমানৰ সম্প্ৰীতিৰ নিদৰ্শনঃ হিন্দু ধৰ্মৰ লোকৰ আদ্যশ্ৰাদ্ধ পাতিলে মুছলমান লোকে ।
উল্লেখ্য যে, হিন্দু-মুছলমানৰ সম্প্ৰীতিৰ এক সুন্দৰ নিদৰ্শন দাঙি ধৰিলে মৰাণত । মৰাণৰ কুশল নগৰত এজন হিন্দু ধৰ্মৰ লোকৰ আদ্যশ্ৰাদ্ধ পাতিলে মুছলমান লোকে(Hindu Muslim harmony in Moran) । দহ দিনৰ পূৰ্বে মৰাণ লেঙেৰীৰ ৰণ্টু গগৈ নামৰ বিবাহিত যুৱকজনৰ মৃত্যু হৈছিল মৰাণত । মৰাণ কুশল নগৰৰ এটা ভাৰাঘৰত মৃত্যু হোৱা যুৱকজনৰ মৃতদেহ পিতৃ গৃহলৈ নিবলৈ পৰিয়ালৰ লোক অসমৰ্থ হোৱাত মৰাণৰে এখন শ্মশানত সৎকাৰ কৰা হ’ল । কাঠ মিস্ত্ৰীৰ যোগালী হিচাপে পৰিয়াল চলাই থকা যুৱকজনৰ পত্নীয়ে ধৰ্মীয় ৰীতিয়ে আদ্যশ্ৰাদ্ধ পাতিবলৈ অসমৰ্থ হৈছিল ।
সেই সময়তে ওচৰৰ একাংশ মুছলমান লোক মৃত যুৱকজনৰ পত্নীক সহায়ৰ বাবে আগবাঢ়ি আহিল । মুছলমান লোক কেইজনে আৰ্থিকভাৱে সহায় কৰি সম্পূৰ্ণ হিন্দু ধৰ্মৰ ৰীতিয়ে অনুষ্ঠিত কৰে আদ্যশ্ৰাদ্ধ । মুছলমান লোককেইজনৰ এই প্ৰশংসনীয় কাৰ্যক লৈ মৰাণত এতিয়া সৰৱ চৰ্চা চলিছে(Hindu Muslim harmony in Moran) ।