Local, Vocal, Global

Watch | CM Sarma : দিহিৰা পৰিষদীয় সমষ্টিৰ বিজয় সংকল্প সভাত অংশগ্ৰহণ কৰিব মুখ্যমন্ত্ৰীয়ে

মুছলপুৰ: বাক্সাৰ আনন্দপুৰ চি ব্ল’কত সভাৰ বাবে প্ৰস্তুতি তুংগত । প্ৰতিটো নিৰ্বাচনক গুৰুত্বসহকাৰে লোৱা বিজেপি দলে বিটিচি নিৰ্বাচনক লৈ ককালত টঙালি বন্ধা পৰিলক্ষিত হৈছে৷ খোদ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনক কেন্দ্ৰ কৰি সঘনাই বিটিআৰ ভ্ৰমণৰ কাৰ্যসূচী হাতত লৈছে ৷

কিছুদিন পূৰ্বে মুখ্যমন্ত্ৰী গৰাকীয়ে বাক্সা জিলাৰ মুছলপুৰ পৰিষদীয় সমষ্টি আৰু মঠনগুৰি পৰিষদীয় সমষ্টিত বিজয় সংকল্প সমাৰোহত অংশগ্ৰহণ কৰাৰ পাছতে পুনৰ কাইলৈ জিলাখনৰ আনন্দপুৰ চি ব্ল’কত দিহিৰা পৰিষদীয় সমষ্টিৰ বিজয় সংকল্প সভাত অংশ ল’ব৷ তাকে লৈ ইতিমধ্যে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে। সংবাদ মাধ্যমৰ আগত প্ৰস্তুতি সম্পৰ্কত সদৰি কৰি ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহক সদস্য ৰাম দাহালে কয় যে আমি মুখ্যমন্ত্ৰীক আদৰিবলৈ সম্পূৰ্ণৰূপে সাজু হৈছো।

কাইলৈৰ সভাত মুখ্যমন্ত্ৰীয়ে বিজয়ৰ সংকল্প লৈ কাৰ্যাকৰ্তাসকলক মাৰ্গ দৰ্শন দিব। তেওঁ লগতে কয় দিহিৰা পৰিষদীয় সমষ্টিৰ ৰাইজ বিজেপিৰ প্ৰতি আগতকৈ অধিক আকৃষ্ট হৈছে। দিহিৰাত বিজেপিৰ পৰা যিকোনো প্ৰাৰ্থী দিলে জয়ী হ’ব পৰাকৈ সাংগঠনিক শক্তি বৃদ্ধি পাইছে। দিহিৰা বিজেপিৰ হোৱাটো নিশ্চিত।

লগতে পঢ়ক: Watch | Gourov Gogoi:’৬ মে’ত বিদেশী খেদিম বুলি কোৱা চৰকাৰে কিমানজন বিদেশী খেদিলে’?