Local, Vocal, Global

PPE কিট পিন্ধি তৰুণ গগৈৰ খবৰ ল’লে হিমন্ত বিশ্ব শৰ্মাই

বিগত কিছুদিনত আক্ৰমণ-প্ৰত্যাক্ৰমণৰে হিমন্ত বিশ্ব শৰ্মা আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ মাজৰ যুঁজখনে এক বিশেষ মাত্ৰা প্ৰদান কৰিছিল। আক্ৰমণ-প্ৰত্যাক্ৰমণৰ এই সন্ধিক্ষণত ক’ভিড ১৯ৰ চিকাৰ হৈছিল প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ। কৰ’নাত আক্ৰান্ত হোৱাত তৰুণ গগৈক ভৰ্তি কৰোৱা হৈছিল GMCHত।
কিন্তু সকলো ৰাজনৈতিক কথা পৰিহাৰ কৰি শনিবাৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই GMCHৰ কভিড কক্ষত PPE কিট পৰিধান কৰি উপস্থিত হয় প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ স্বাস্থ্যৰ অৱস্থাৰ বুজ ল’বলৈ। মন্ত্ৰী শৰ্মাই তৰুণ গগৈৰ লগতে কৰ’নাত আক্ৰান্ত হোৱা আন বহুকেইজন বিধায়কৰো স্বাস্থ্যৰ অৱস্থাৰ বুজ লয় বুলি সামাজিক মাধ্যমযোগে প্ৰকাশ কৰে।
মন্ত্ৰী শৰ্মাই বৰ্ষীয়ান নেতাগৰাকীৰ খবৰ কৰা কাৰ্যই হয়তো প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ ক’ভিড যুঁজত মানসিকভাৱে অধিক মনোৱল বৃদ্ধি কৰিব।