হিমন্ত বিশ্ব শৰ্মাৰ পুৰণি উপায়ুক্তৰ বাংলো ভ্ৰমণ
নিউজ ডেস্ক, ২৩ আগষ্ট : মঙ্গলবাৰে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পুৰণি উপায়ুক্তৰ বাংলো ভ্ৰমণ কৰে। মুখ্যমন্ত্ৰী গৰাকীয়ে লগতে কয় যে ২০০৩ চনত উন্নয়ন মন্ত্ৰী হিচাপে তেওঁ চহৰখনক লৈ দেখা সপোনৰ প্ৰথমটো পদক্ষেপ আগবাঢ়িছে।
লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে আজি ব্ৰহ্মপুত্ৰৰ কাষত সৌন্দ্যবৰ্দ্ধনৰ বাবে কাম কৰিবলৈ স্থান লয়। তেওঁৰ ভ্ৰমণকালত গুৱাহাটী মেট্ৰ’পলিটান দেভেলপমেণ্ট অথৰিটি ৰ বিষয়াসকল উপস্থিত আছিল । ভাষণত মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে শুক্ৰেশ্বৰ মন্দিৰৰ পৰা মূখ্য ন্যায়াধীশ বাসভৱনলৈকে কোনো অট্টালিকা নাথাকিব।
লগতে তেওঁ উল্লেখ কৰে যে পুৰণি ডিচি কাৰ্যালয়ৰ ওচৰৰ পদুম পুখুৰী সুন্দৰভাৱে পুনৰ নিৰ্মাণ কৰা হ’ব ।
ডিচি কায্যালয়ৰ বাবে আবণ্টন কৰা ভূমি এলেকা সন্দৈয্যবৰ্ধনৰ কামৰ বাবে ব্যৱহাৰ কৰা হ’ব । লগতে জিএমচি কায্যালয় ভৱনটো এক ঐতিহাসিক স্থান হিচাপে সংৰক্ষণ কৰা হ’ব ।