Manipur violence : মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেণ সিঙক সাক্ষাৎ অসমৰ মুখ্যমন্ত্ৰী

নেশ্যনেল ডেস্ক, ১০ জুন : এতিয়াও শান্ত হোৱা নাই মণিপুৰৰ পৰিস্থিতি ৷ শনিবাৰে মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেণ সিঙক সাক্ষাৎ কৰে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই (Assam Cm meets Manipur CM ) ৷এই বৈঠকত ৰাজ্যখনত পুনৰ শান্তি ঘূৰাই অনাৰ বিষয়ে আলোচনা কৰা হয় ৷
হিংসাত্মক পৰিস্থিতিত জ্বলিছে মণিপুৰ (Manipur violence) ৷ এতিয়াও শান্ত হোৱা নাই মণিপুৰৰ পৰিস্থিতি ৷ ৰাজ্যখনত পুনৰ শান্তি ঘূৰাই আনিবলৈ ৰাজ্যখনৰ প্ৰশাসনৰ লগতে কেন্দ্ৰীয় চৰকাৰেও প্ৰয়াস কৰি আছে ৷ ইয়াৰ মাজতে শনিবাৰে মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেণ সিঙক সাক্ষাৎ কৰে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই (Himanta Biswa Sarma) ৷
জানিব পৰা মতে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেণ সিঙৰ ইম্ফলৰ বাসগৃহত বৈঠকত মিলিত হয় ৷ এই বৈঠকত ৰাজ্যখনত পুনৰ শান্তি ঘূৰাই অনাৰ বিষয়ে আলোচনা কৰে দুই ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে ৷
উল্লেখ্য যে, চলিত বৰ্ষৰ মে’ মাহৰ পৰা মণিপুৰত সংৰক্ষণৰ দাবীক লৈ সংখ্যাগৰিষ্ঠ মেইটেই সম্প্ৰদায়ৰ সদস্য আৰু কুকি সম্প্ৰদায়ৰ সদস্যসকলৰ মাজত সংঘৰ্ষ আৰম্ভ হৈছিল । এই সংঘৰ্ষই পিছলৈ হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি কৰিছে ৷ মণিপুৰৰ মেইটেই আৰু কুকি দুয়োটা সম্প্ৰদায়ৰ বিধায়কৰ সৈতে আলোচনা কৰাৰ উদ্দেশ্যে কেন্দ্ৰই অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক প্ৰেৰণ কৰিছে ৷ ৰাজ্যখনত ভ্ৰমণৰ সময়ত অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে দুয়োটা দলৰ বিধায়কসকলক সাক্ষাৎ কৰাৰ উপৰিও দুয়োটা সম্প্ৰদায়ৰ মাজত শান্তি আৰু আত্মবিশ্বাস গঢ়ি তোলাৰ বাবে প্ৰচেষ্টা চলাব আৰু দুয়োপক্ষক এখন মেজলৈ আনি ৰাজ্যখনত সমস্যা সমাধান কৰিবলৈ প্ৰচেষ্টা চলাই (Assam CM will meet MLA)।
উল্লেখ্য যে বৃহস্পতিবাৰে নিশা দুখন মটৰ চাইকেলত অহা অচিনাক্ত লোকে ইম্ফলত বিধায়ক চোৰাইচাম কেবি দেৱীৰ বাসগৃহলৈ লক্ষ্য কৰি এটা কম প্ৰাবল্যৰ আইইডি নিক্ষেপ কৰে (Improvised explosive device) । ফলত বিধায়ক গৰাকীৰ বাসগৃহৰ গেটত বিস্ফোৰণ ঘটে (Bomb Thrown At Manipur BJP MLA) । অৱশ্যে সেই সময়ত সৌভাগ্যক্ৰমে হতাহত হোৱাৰ পৰা ৰক্ষা পৰে চৌহদৰ লোকসকল ।
আনহাতে শুকুৰবাৰে পুনৰ মণিপুৰৰ খোকেন গাঁৱত নতুনকৈ সংঘটিত হিংসাত্মক ঘটনাত এগৰাকী মহিলাসহ কমেও তিনিজন লোক নিহত হৈছিল (violence in Manipur) । লগতে আন দুজন লোক আহত হয় । হিংসাৰ সূত্ৰপাত ঘটা গাঁওখন কাংপোকপি আৰু ইম্ফল পশ্চিম জিলাৰ মাজৰ সীমাত অৱস্থিত ।
সেনা সূত্ৰই জনোৱা অনুসৰি, সন্দেহযুক্ত উগ্ৰপন্থীয়ে সংঘটিত কৰিছিল এই ঘটনা ৷ বিদ্ৰোহীৰ এটা দলে খোকেন গাঁৱত তেওঁলোকৰ ঘৰৰ বাহিৰত গুলী চালনা কৰিছিল। নিৰাপত্তাকৰ্মীৰ পোছাক পৰিধান কৰা বিদ্ৰোহীসকলে কোম্বিং অপাৰেচনৰ অজুহাতত মাতি ঘৰৰ ভিতৰত গুলীচালনা কৰে ৷ ইফালে মণিপুৰত সংঘটিত হিংসাত্মক ঘটনা সম্পৰ্কীয় ছয়টা গোচৰৰ তদন্তৰ বাবে চিবিআইয়ে ১০ জনীয়া বিশেষ তদন্ত দল (এছআইটি) গঠন কৰিছে। এগৰাকী ডি আই জি পদবীৰ বিষয়াই এছ আই টি গোটটোৰ নেতৃত্ব দিব।
লগতে পঢ়ক : Wrestler Protest : ন্যায় পালেহে মল্লযুঁজাৰুৱে এছিয়ান গেমছত কৰিব অংশগ্ৰহণ