WATCH | Heavy Storm : ওদালগুৰিৰ ৰৌতাত বিধ্বংসী ধুমুহা

ওদালগুৰি,২৬এপ্ৰিল : বিধ্বংসী ধুমুহাত বিস্তুৰ ক্ষতি ওদালগুৰিৰ ৰৌতাৰ বিভিন্ন অঞ্চল। ৰৌতাৰ আমিনপাৰা, সিধাখোৱা আদি অঞ্চলত বৃহৎ ক্ষতি কৰিছে ধুমুহাই । প্রচণ্ড ধুমুহাই উৰুৱাই লৈ যায় ঘৰ-দুৱাৰ, দোকান ইত্যাদি । নিশা অহা ধুমুহাত আমিনপাৰাৰ কেইবাগৰাকী লোকৰ ঘৰ ভাঙি চুৰমাৰ হৈ যায় ।
শুই থকা অৱস্থাত প্ৰচণ্ড ধুমুহাই ঘৰ ভাঙি লোকসকলৰ ওপৰতে পৰি আঘাতপ্রাপ্ত হয় কেইবাজনো লোক । পিছত স্থানীয় ৰাইজে ঘৰৰ ভিতৰত আবদ্ধ হৈ থকা শিশুসহ লোকসকল উদ্ধাৰ কৰে । ইফালে খেতি প্ৰধান অঞ্চল আমিনপাৰা,সিধাখোৱাৰ খেতিয়কে কৰা বহু খেতিও বিনষ্ট কৰে ধুমুহাই । ধুমুহাই সম্পূর্ণ বিনষ্ট কৰে খেতিয়কৰ মাকৈ খেতি,তিতা কেৰেলা ,ভোল খেতিৰ লগতে উভালি পৰে কোমোৰা খেতিৰ চাং । লাখ-লাখ টকা খৰচ কৰি খেতিয়কৰ খেতি ধুমুহাই বিনষ্ট কৰাৰ ফলত এতিয়া হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে অঞ্চলটোৰ খেতিয়ক সকল(Heavy Storm)।
ধুমুহাত প্রকাণ্ড গছ বাগৰি পৰে পথত । লোকৰ বাৰিৰ বহু সংখ্যক তামুল গছ ভাঙি বিস্তৰ ক্ষতি সাধন কৰে ধুমুহাই । বিদ্যুতৰ তাঁৰ ছিগি যোৱাৰ ফলত বর্তমান অঞ্চলকেইটাত ব্যাহত হৈ আছে বিদ্যুৎ সংযোগ । পুৱা ১১ বজালৈকে ওদালগুৰি বিদ্যুৎ বিভাগৰ লোক অঞ্চলটোত উপস্থিত হোৱা নাই। ধুমুহাত বিস্তুৰ ক্ষতি সাধন হোৱা লোকে এতিয়া অসহায় হৈ দুৰ্যোগ প্রশমণ বিভাগৰ পৰা বিচাৰিছে আর্থিক সাহাৰ্য্য ।
লগতে পঢ়ক : WATCH | Heavy Storm : নিশা চৰাইদেউ জিলাত ধুমুহাৰ তাণ্ডৱ