Local, Vocal, Global

Heavy rains are expected ahead of Saraswati Puja : সৰস্বতী পূজাৰ পূৰ্বে ৰাজ্যত হ’ব ধাৰাসাৰ বৰষুণ

২ ফেব্ৰুৱাৰী ২০২৫,ৱেবডেস্ক : সৰস্বতী পূজাৰ পূৰ্বে ৰাজ্যত হ’ব ধাৰাসাৰ বৰষুণ, ৯ ৰাজ্যত ধুমুহাৰ সতৰ্কবাণী! অসমত কি ৰূপ বতৰে?বতৰ বিজ্ঞান বিভাগে জনোৱা মতে, বৰষুণৰ পিছত তাপমাত্ৰা হ্ৰাস পাব। যাৰ বাবে আকৌ ঠাণ্ডা বাঢ়িব পাৰে। পাহাৰীয়া অঞ্চলত তুষাৰপাতৰ সতৰ্কবাণী অব্যাহত আছে।
দেশজুৰি পুনৰ সলনি হৈছে বতৰ। এটা নহয়, দুটা পশ্চিমীয়া ধুমুহাই উত্তৰ-পশ্চিমৰ ৰাজ্যসমূহত প্ৰভাৱ পেলাবল। যাৰ ফলত বিভিন্ন ৰাজ্যত বজ্ৰপাতৰ সৈতে ধাৰাসাৰ বৰষুণৰ আগজাননী দিয়া হৈছে।বতৰ বিজ্ঞান বিভাগে জনোৱা মতে, বৰষুণৰ পিছত তাপমাত্ৰা হ্ৰাস পাব। যাৰ বাবে আকৌ ঠাণ্ডা বাঢ়িব পাৰে। পাহাৰীয়া অঞ্চলত তুষাৰপাতৰ সতৰ্কবাণী অব্যাহত আছে। IMD ৰ পৰা শেহতীয়া আপডেট কি জানো আহক?বতৰ বিজ্ঞান বিভাগৰ আগজাননী অনুসৰি পশ্চিম হিমালয় অঞ্চলত বৰষুণৰ সম্ভাৱনা আছে। পঞ্জাৱ, হাৰিয়ানা, চণ্ডীগড়কে ধৰি বহু ঠাইত বৰষুণৰ সতৰ্কবাণী জাৰি কৰা হৈছে।বষুণৰ পিছতো তাপমাত্ৰা কমি যাব পাৰে। অসম, অৰুণাচল প্ৰদেশ আৰু পশ্চিম বংগত পুনৰ শীতৰ প্ৰকোপ পৰা সম্ভাৱনা আছে। কেইবাখনো ৰাজ্যৰ বিভিন্ন স্থানত বৰষুণ হোৱাৰ ফলত তাপমাত্ৰা হ্ৰাস পোৱাৰ সম্ভাৱনাও আছে।ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ পূৰ্বাভাস অনুসৰি উত্তৰ পাকিস্তানৰ ওপৰত ঘূৰ্ণিবতাহৰ উৎপত্তি হৈছে।