Heated situation in JMCH : JMCH ত উত্তপ্ত পৰিস্থিতি;JMCH ৰ নিৰাপত্তাৰক্ষীক খেদি খেদি আক্ৰমণ একাংশৰ

যোৰহাট,১০জুলাই : যোৰহাট মেডিকেল কলেজ হাস্পাটালত অপ্ৰীতিকৰ পৰিস্থিতি। JMCH ৰ নিৰাপত্তাৰক্ষীক খেদি খেদি আক্ৰমণ একাংশ উত্তেজিত লোকৰ। যোৰহাট মেডিকেল কলেজৰ প্রসুতি আৰু শিশু স্বাস্থ্য বিভাগত এবছৰীয়া কন্যা শিশুৰ মৃত্যুক লৈ সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিক। শিশুটিৰ আত্মীয়ই খেদি খেদি আক্ৰমণ চিকিৎসালয়খনৰ নিৰাপত্তাৰক্ষীক(Heated situation in JMCH)।
জানিব পৰা মতে, চাৰি দিন পূৰ্বে চিকিৎসালয়খনত ভৰ্তি কৰোৱা হৈছিল এটি কণ্যা শিশুক। চিকিৎসালয়খনত চিকিৎসাধীন অৱস্থাত থকা শিশুটিক এটা বেজী দিয়াৰ পিছতে কৰুণ মৃত্যুক আকোঁৱালি লয় শিশুটিয়ে।
উল্লেখ্য যে যি গৰাকী নাৰ্চে শিশুটিক বেজী দিছিল সেই নাৰ্ছ গৰাকীক ইতিমধ্যে চিকিৎসালয় কৰ্তৃপক্ষই পলুৱাই সাৰিবলৈ সুবিধা প্ৰদান কৰাৰ লগতে শিশুটিক প্ৰদান কৰা বেজিটো নৃত শিশুটিৰ পৰিয়লৰ লোকক দেখুওৱাৰ পৰা বিৰত থকাৰ অভিযোগ চিকিৎসালয় কৰ্তৃপক্ষৰ বিৰুদ্ধে(Heated situation in JMCH)।
লগতে পঢ়ক : Sensational Kidnapping in Guwahati : মহানগৰীৰ পৰা অপহৰণ বহিঃৰাজ্যৰ পৰ্যটকক