Local, Vocal, Global

Govt official raises hand with bribe : উৎকোচ লৈ হাতে লুটে আটক বিদ্যালয়ৰ উপ-পৰিৰ্দশকৰ কাৰ্যালয়ৰ জ্যেষ্ঠ সহায়ক

নিউজ ডেস্ক,১০জুলাই : ৰাজ্যত প্ৰতিদিনে উৎকোচ হাতে দাঙে চৰকাৰী বিষয়া-কৰ্মচাৰীয়ে । হাত দঙাৰ প্ৰতিযোগিতা চলিছে যেন ৰাজ্যত । নিজৰ চৰকাৰী দৰমহাৰে পেট নভৰে একাংশ চৰকাৰী বিষয়া-কৰ্মচাৰীৰ । নিতৌ দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিও একাংশ লোভীয়া কৰ্মচাৰীয়ে লোভ এৰিব পৰা নাই।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যি দুৰ্নীতিমুক্ত অসম গঢ়াৰ যি প্ৰচেষ্টা, সেয়া যেন সপোন হৈয়ে ৰ’ব ৷ ৰাজ্যত নিতৌ গ্ৰেপ্তাৰ হৈ আছে দুৰ্নীতিগ্ৰস্ত বিষয়া-কৰ্মচাৰী।

এইবাৰ দুৰ্নীতি নিবাৰণ শাখাৰ জালত পৰিল উপ-পৰিৰ্দশকৰ কাৰ্যালয়ৰ জ্যেষ্ঠ সহায়ক । বুধবাৰে ধেমাজি বিদ্যালয়ৰ উপ-পৰিৰ্দশকৰ কাৰ্যালয়ত কাৰ্যালয়টোৰ জ্যেষ্ঠ সহায়ক দিগন্ত গগৈ উৎকোচ লোৱা সময়ত হাতে লুটে ধৰা পৰে(Govt official raises hand with bribe)।

বৰদলনিৰ হৰমোহন শইকীয়া নামৰ অৱসৰপ্ৰাপ্ত শিক্ষকৰ পৰা পেঞ্চনৰ কাম কৰি দিয়াৰ বাবদ প্ৰথমে ১০ হাজাৰ টকা উৎকোচ বিচাৰি শেষত ৭ হাজাৰ লওঁতেই দুৰ্নীতি নিৰ্বাৰক শাখাৰ এটা দলে হাতে লোটে কৰ্মচাৰীজনক আটক কৰে ৷

লগতে পঢ়ক : Heated situation in JMCH : JMCH ত উত্তপ্ত পৰিস্থিতি;JMCH ৰ নিৰাপত্তাৰক্ষীক খেদি খেদি আক্ৰমণ একাংশৰ