Local, Vocal, Global

Watch | Heated situation arises at North Lamding Lanka Road at night: নিশা লামডিঙত উতপ্ত পৰিস্থিতি

লামডিং: উত্তৰ লামডিং লংকা ৰ’ডত নিশা উতপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ৷ ৰয়েল ব্লু নামৰ এখনি অবৈধ সুৰাৰ বিপনীক কেন্দ্ৰ কৰি সৃষ্টি হয় উত্তেজনাৰ ৷ অবৈধ সুৰাৰ বিপনীখনত ড্ৰাগছ বিক্ৰী কৰাৰ গুৰুত্বৰ অভিযোগ একাংশ ৰাইজৰ ৷ অবৈধ সুৰাৰ বিপনীখনৰ স্বত্তাধিকাৰীয়ে দুজন যুৱকক বান্ধি মাৰপিট কৰাৰ অভিযোগ ৷ যুৱকসকলক সুৰাৰ বিপৰীতে ড্ৰাগছ সেৱনৰ বাবে উচ্ছাহিত কৰাৰো লগতে ৩০০-৪০০ টকাৰ বিনিময়ত কমবয়সৰ যুৱক সকলক ড্ৰাগছৰ গড়াহলৈ ঠেলি দিয়াৰ অভিযোগ উত্থাপন হৈছে ৰয়েল ব্লু নামৰ প্ৰতিষ্ঠানখন স্বত্তাধিকাৰীৰ বিৰুদ্ধে ৷ ভূক্তভূগী যুৱকদ্বয় সুজিত চৰকাৰ আৰু ৰাহুলৰ নামৰ পৰিয়ালবৰ্গই ব্যৱসায়ীক প্ৰতিষ্ঠানখনত উপস্থিত হৈ যুৱকদ্বয়ক উদ্ধাৰ কৰাৰ লগতে আৰক্ষীয়েও ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে ৷