Local, Vocal, Global

WATCH | Heated situation : চাপৰৰ ২০৮৪ নং ঘুনিমাৰী এল পি স্কুলৰ ভোট কেন্দ্ৰত উত্তপ্ত পৰিস্থিতি

চাপৰ,৮মে’ : চাপৰৰ ২০৮৪ নং ঘুনিমাৰী এল পি স্কুলৰ ভোট কেন্দ্ৰত উত্তপ্ত পৰিস্থিতি।

এগৰাকী সন্দেহযুক্ত লোকে ভোট কেন্দ্ৰত ভোটদান কৰিবলৈ অহাৰ পিছত সৃষ্টি হয় এই পৰিৱেশৰ।

জানিব পৰা মতে, গাঁৱখনৰ এঘৰ পৰিলায়ৰ নাম আৰু ঘৰ নং ব্যৱহাৰ কৰি ময়নাল হক নামৰ সন্দেহযুক্ত ব্যক্তিজনে জালিয়াতিৰে ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্ত কৰে।

কিন্তু ভোট কেন্দ্ৰত সেই পৰিয়ালৰ এজন লোক পলিং এজেণ্ট হিচাপে নিয়োজিত হোৱাত উক্ত ভয়ংকৰ ঘটনা পোহৰলৈ আহে(Heated situation)।

ঘটনা সন্দৰ্ভত পিচাইডিং বিষয়াক অভিযোগ দাখিল কৰাত সন্দেহযুক্ত ব্যক্তিজনক ভোটদান দিয়াত বাধা দিয়ে বিষয়াজনে।

পিছত ভোট কেন্দ্ৰটোত গাঁৱখনৰ শিক্ষক তথা বি.এ.লোৰ দায়িত্ব থকা জহিৰুল ইছলাম উৰুফে আনোৱাৰ মাষ্টাৰৰ পত্নী আৰু পুত্ৰই বলপূৰ্বক ভাৱে হেঁচা প্ৰয়োগ কৰে সন্দেহযুক্ত ব্যক্তিজনক ভোটদান দিয়াবলৈ।

পিছত ভোটাৰৰ ৰাইজ উত্তেজিত হৈ পৰে।

অৱশেষত ঘটনাস্থলীত চাপৰ ৰাজহ চক্ৰ বিষয়া উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। ব্যক্তিজনক আটক কৰি থানা লৈ আহে।

উল্লেখযোগ্য যে মৃত ফজলুৰ ৰহমানক পিতৃ বনাই ফজলুৰ ৰহমান ঘৰ নং ব্যৱহাৰ কৰিছিল।

কিন্তু মৃত ফজলুৰ ৰহমান পুত্ৰ পলিং এজেণ্ট হিচাবে নিয়োজিত থকাত এই ঘটনা পোহৰলৈ আহে।

পৰিয়ালৰ লোকে ইতিমধ্যে সন্দেহযুক্ত ব্যক্তিজনৰ ওপৰত লিখিত অভিযোগ দাখিল কৰি উক্ত ঘটনাৰ উচিত তদন্ত বিচাৰে। লগতে কয় যে এই কাণ্ডত সম্পূৰ্ণ ভাবে জড়িত আছে বি এ লো জহিৰুল ইছলাম।

লগতে পঢ়ক : WATCH | Nalbari News : কাৰ ভুলৰ বাবে বৰক্ষেত্ৰী সমষ্টিৰ ভোটাৰ বঞ্চিত হ’ল ভোটাধিকাৰৰ পৰা?