Local, Vocal, Global

Daily Horoscope for 8th May : কেনে যাব আপোনাৰ আজিৰ দিনটো ? পঢ়ক আজিৰ দিনটোৰ ৰাশিফল

মেষ ৰাশি: আজিৰ দিনটো আপোনাৰ বাবে মধ্যমীয়া ৷ কৰ্মব্যস্ততাৰ বাবে ভাগৰি পৰিব ৷ স্বাস্থ্যৰ যতন লওক ৷

বৃষ ৰাশি: কঠোৰ পৰিশ্ৰমৰ মাজতে আনন্দিত হ’ব ৷ সুফলৰ বাবে পৰিশ্ৰম কৰাৰ প্ৰয়োজন ৷ প্ৰেমত শুভ৷

মিথুন ৰাশি: কঠোৰ পৰিশ্ৰমৰ ফল নাপাবও পাৰে ৷ আবেলি সৰু যাত্রা হʼব পাৰে ৷ প্ৰেমৰ সম্পর্কত ভালেই ৷

কৰ্কট ৰাশি: কৰ্মজীৱনত প্ৰভাৱ পৰিব পাৰে ৷ হানিকাৰক আলোচনা পৰচৰ্চালৈ পৰিণত হ’ব পাৰে ৷ নিন্দা আৰু নিৰুৎসাহিত কথা, পৰচৰ্চাৰ পৰা আঁতৰি থকা উচিত ৷

সিংহ ৰাশি: আপুনি নিবিচৰাকৈয়ে সু-পৰামৰ্শ পোৱাৰ সম্ভাৱনা ৷ কঠোৰ পৰিশ্ৰমৰ মাজতে আনন্দিত হ’ব ৷ সত্যৰ সুফলৰ বাবে পৰিশ্ৰম কৰাৰ প্ৰয়োজন ৷ উন্নত চিন্তাধাৰা ৷ প্ৰশংসা লাভ ৷ টকা-পইচাৰ খৰচ বৃদ্ধি হ’ব পাৰে ৷ ব্যয়ত সাৱধান ৷ ধন জমা কৰক ৷

কন্যা ৰাশি: গোটেই দিনটো এলাহভাৱে আপোনাৰ লগ নেৰিব ৷ এটা সাধাৰণ দিন ৷ মূৰৰ বিষ, উদ্বিগ্নতা আদিত ভোগাৰ লগতে মাতৃৰ শৰীৰক লৈ চিন্তা ৷ প্ৰিয়জনৰ লগত সৰু সৰু কথাত তৰ্ক-বিতৰ্কই আপোনাৰ মনক অসন্তুষ্টি দিব ৷

তুলা ৰাশি: নতুনৰ আৰম্ভণি, নতুন সম্বন্ধ আৰু সুন্দৰ ভ্ৰমণে আপোনাৰ ভাতৃ-ভগ্নীৰ লগত সম্পৰ্ক ভাল আৰু সন্তোষ পূৰ্ণ কৰাত সহায়ক হ’ব ৷ নতুন ব্যৱসায় আৰম্ভণিৰ উত্তম সময়, বিদেশৰ পৰা ভাল খবৰ পাব পাৰে ৷

বৃশ্চিক ৰাশি: শিক্ষার্থীৰ অধ্যয়ন ভাল ৷ অধ্যয়নৰ বাবে বিদেশলৈ যোৱাৰ সম্ভাৱনা ৷ কাৰ্যভাৰ সম্পূৰ্ণ কৰিবলৈ নিজৰ শক্তি ব্যৱহাৰ কৰক ৷ ভাগ্য ভাল ৷ ধন-সম্পত্তিৰ পৰা সময়ত অধিক ধন উপাৰ্জন কৰিব ৷

ধনু ৰাশি: ধনৰ আগমন ঘটিব আৰু আপোনাক দিয়া কাৰ্য সঠিক সময়ত পুৰা কৰিব পাৰিব ৷ ভ্ৰমণ বিশেষকৈ ভক্তিমূলক ভ্ৰমণ শুভ হ’ব ৷ বৈবাহিক জীৱন সুখৰ হ’ব ৷ সুখাদ্য আৰু সুন্দৰ মনে আপোনাৰ মুখত হাঁহি বিৰিঙাব ৷

মকৰ ৰাশি: পুনৰ চেষ্টা কৰিব ৷ কঠোৰ পৰিশ্ৰমৰ ফল লাভ ৷ যিজন ধৈৰ্যশীল, তেওঁ লাভৱান হ’ব ৷ আপোনাৰ খং-ৰাগৰ কাৰণে কৰ্মজীৱনত প্ৰভাৱ পৰিব পাৰে ৷ শান্ত হৈ থাকি কর্ম কৰক ৷

কুম্ভ ৰাশি: নতুন বৈদেশিক শিক্ষা অধ্যয়ন কৰিবলৈ ইচ্ছাপ্ৰকাশ ৷ ভাগ্য ভাল ৷ ধন-সম্পত্তিৰ পৰা সময়ত অধিক ধন উপাৰ্জন কৰিব ৷ ব্যৱসায় কৰিলে লক্ষ্যত সফল হʼব ৷

মীন ৰাশি: দিনটোৰ আৰম্ভণিত কৰ্মজীৱনৰ কাৰণে মানসিক চিন্তা হʼব পাৰে ৷ সন্ধিয়া সকলো অশান্তিৰ কাৰণ দূৰ হʼব । শুভবাৰ্তা লাভ কৰিব । আপুনি আজি প্ৰায় সফল হʼব ৷