Local, Vocal, Global

Healthcare expenses increased in government hospitals : বৃদ্ধি পালে চৰকাৰী হাস্পতালত চিকিৎসাৰ ব্যয়

নিউজ ডেস্ক,১আগষ্ট : বৃদ্ধি পালে চৰকাৰী হাস্পতালত চিকিৎসাৰ খৰচ। এতিয়াৰ পৰা যদি আপুনি চৰকাৰী হাস্পতালত চিকিৎসা কৰিবলৈ যায় তেন্তে পূৰ্বতকৈ অধিক খৰচ কৰিব লাগিব।

চৰকাৰী হাস্পতালত বৃদ্ধি পালে পঞ্জীয়ন মাচুলকে ধৰি বিভিন্ন পৰীক্ষাৰ খৰচ। ৫০ৰ পৰা ৭৫ শতাংশ বৃদ্ধি পালে জৰুৰীকালীন পৰীক্ষাৰ খৰচ।

আজিৰে পৰা গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত বৃদ্ধি পালে পঞ্জীয়ন মাচুল। জি এম চি এইচত পূৰ্বে ৰেজিষ্ট্ৰেচনৰ মাচুল আছিল ১০ টকা। এতিয়াৰে পৰা ৰেজিষ্ট্ৰেচনৰ নামত দিব লাগিব ২০ টকা। লগতে প্ৰায় ১০৭টা বিভিন্ন পৰীক্ষাৰ দাম বৃদ্ধি কৰা হৈছে(Healthcare expenses increased in government hospitals)।

পূৰ্বে পেয়িং কেবিনৰ নামত দিব লাগিছিল ১০০০ টকা, এতিয়াৰে পৰা ৰোগীয়ে ভৰিব লাগিব ১২০০ টকা। প্ৰতিখন বিচনাৰ নামত দৈনিক দিব লাগিব ২০ টকা।

D ভিটামিনৰ পূৰ্বৰ ১২০০ৰ পৰিৱৰ্তে এতিয়া ১৫০০ টকা, থাইৰয়ডৰ পৰীক্ষাৰ বাবদ ৬০০ৰ পৰিৱৰ্তে ৮০০ টকা। লিপিড প্ৰফাইল টেষ্টৰ পূৰ্বৰ দাম আছিল ৩৬৫ টকা, বৰ্তমান এই টেষ্টৰ দাম হ’লগৈ ৫০০ টকা।

লগতে পঢ়ক :Paul High School in Tinsukia Sealed Amid Unrest Over Student’s Death : স্কুলৰ বাৰান্দাত ওলমি থকা অৱস্থাত উদ্ধাৰ ছাত্ৰৰ মৃতদেহ