Local, Vocal, Global

HEALTH TIPS :জানি লওক জিৰা আৰু হালধি পানীৰ উপকাৰিতা

২ফেব্ৰুৱাৰী ২০২৫ বেৱডেস্ক: বিশেষজ্ঞৰ মতে জিৰা আৰু হালধি একেলগে পানীত মিহলাই খোৱাৰ বহু উপকাৰিতা আছে ৷ সুস্বাস্থ্য বজাই ৰখাৰ বাবে জিৰা আৰু হালধি অতি উপকাৰী ৷ আমাৰ অসমীয়া সমাজত এই দুয়োবিধক মছলা হিচাপে ব্যৱহাৰ কৰা হয় ৷ এই মছলা দুবিধত থকা স্বাস্থ্যকৰ উপাদানে বিভিন্ন ৰোগ প্ৰতিৰোধ কৰাত সহায় কৰে ৷ অসমীয়া লোকসকলে বিভিন্ন ৰোগৰ ঔষধ হিচাপেও হালধি ব্যৱহাৰ কৰে ৷ যদি জিৰা আৰু হালধি একেলগে পানীত মিহলাই খোৱা যায় তেতিয়া স্বাস্থ্যৰ বহু উপকাৰ পোৱা যায় ৷

বিশেষজ্ঞৰ মতে জিৰা আৰু হালধি একেলগে পানীত মিহলাই খোৱাৰ বহু উপকাৰিতা আছে আজি ইয়াৰ বিষয়ে বিতংভাৱে জানো আহক-

এই দুয়োবিধ পানী ওজন হ্ৰাস কৰাৰ ক্ষেত্ৰত উপকাৰী ৷ এই পানী সেৱন কৰিলে বিপাকীয় ক্ৰিয়া বৃদ্ধি পায় ৷ ইয়াৰ ফলত ওজন হ্ৰাস কৰাত সহায়ক হয় ৷

ইফালে হালধিত থকা প্ৰদাহ নিবাৰণকাৰী গুণ পাচনতন্ত্ৰৰ বাবে উপকাৰী ৷ ই পেটৰ প্ৰদাহ কমায় আৰু পাচনতন্ত্ৰ সুস্থ কৰি ৰাখে ৷

বদহজম আৰু গেছৰ বাবেও জিৰা আৰু হালধি পানী উপকাৰী ৷ পুৱা এই পানী সেৱন কৰিলে বদহজম আৰু গেছৰ দৰে সমস্যাৰ পৰা সকাহ পাব পাৰি ৷

জিৰা আৰু হালধি পানী পুৱা সেৱন কৰিলে আমাৰ পাচনতন্ত্ৰ শক্তিশালী হয় ৷ ই হজম শক্তি উন্নত কৰে ৷ জিৰাই পাচন এনজাইম সক্ৰিয় কৰে, যাৰ ফলত খাদ্যৰ হজম শক্তি উন্নত হয়

জিৰা আৰু হালধিত প্ৰচুৰ পৰিমাণে এন্টিঅক্সিডেন্ট থাকে ৷ ই ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰে ৷ লগতে হালধিত থকা কাৰকুমিনয়ে বহু ধৰণৰ সংক্ৰমণৰ পৰা ৰক্ষা কৰে ৷

হালধিত এন্টিঅক্সিডেন্ট আৰু এন্টি-ইনফ্লেমেটৰী গুণ আছে, যিয়ে ছালৰ সমস্যা দূৰ কৰাত সহায়

কৰে ৷