TRIPURA CHIT FUND SCAM : ত্ৰিপুৰা চিট ফাণ্ড কেলেংকাৰী গোচৰত গ্ৰেপ্তাৰ অসমৰ যুৱক

২ফেব্ৰুৱাৰী ২০২৫ বেৱডেস্ক: ত্ৰিপুৰা চিট ফাণ্ড কেলেংকাৰীৰ গোচৰত মহাৰাষ্ট্ৰৰ থানে জিলাৰ পৰা অসমৰ এজন লোকক গ্ৰেপ্তাৰ কৰিছে চি বি আইয়ে । চি বি আইয়ে এক প্ৰেছ বিবৃতিত জনোৱা মতে, কেন্দ্ৰীয় তদন্তকাৰী সন্থাই ৩ ফেব্ৰুৱাৰীত ত্ৰিপুৰা চিট ফাণ্ড গোচৰত অভিযুক্ত হাইলাকান্দি জিলাৰ পঞ্চগ্ৰামৰ দাস কলনীৰ বাসিন্দা বিকাশ দাসক মহাৰাষ্ট্ৰৰ থানে জিলাৰ ভীৱণ্ডীৰ পৰা গ্ৰেপ্তাৰ কৰে ৷
“ধলাই জিলাৰ অন্তৰ্গত কমলপুৰ আৰক্ষী থানাত ২৮ জুন ২০১৩ তাৰিখ আৰু ১৫ মাৰ্চ ২০২৩ তাৰিখে চি বি আইয়ে পুনৰ পঞ্জীয়ন কৰা ৫৭/২০১৩ নং এটা গোচৰত অভিযোগ উত্থাপন কৰা হৈছিল যে সুচানা ৰিয়েল এষ্টেট প্ৰাইভেট লিমিটেড আৰু ইয়াৰ পৰিচালক বিকাশ দাস আৰু অন্যান্যই উচ্চ লাভৰ প্ৰতিশ্ৰুতিৰে শ শ বিনিয়োগকাৰীৰ পৰা ধন সংগ্ৰহ কৰিছিল যদিও অভিযোগকাৰী আৰু অন্যান্য বিনিয়োগকাৰীক মেচিউৰিটিৰ ধন নিদিয়াকৈয়ে ২০১২ চনত নিজৰ কাৰ্যালয় বন্ধ কৰি দিছিল ৷ ইয়াৰ উপৰিও কোম্পানীটোৱে বিনিয়োগকাৰীক প্ৰায় ৬,৬০,০০০ টকা প্ৰতাৰণা কৰাৰ অভিযোগ উত্থাপন হৈছিল । গোচৰৰ তদন্ত সম্পূৰ্ণ হোৱাৰ পিছত চি বি আইয়ে ২০২৫ চনৰ ২১ জানুৱাৰীত অভিযুক্ত সুজিত দাস, বিকাশ দাস আৰু অভিযুক্ত কোম্পানী সুচানা ৰিয়েল প্ৰজেক্টছ প্ৰাইভেট লিমিটেডৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰিছে (ইয়াৰ সঞ্চালক শ্ৰী সুজিত দাস আৰু বিকাশ দাসৰ জৰিয়তে )। ধৃত অভিযুক্তক যোগ্য আদালতত হাজিৰ কৰা হ’ব”. বিবৃতিত উল্লেখ কৰা হৈছে ।
দীৰ্ঘদিনীয়া তালাচী অভিযান আৰু চোৰাংচোৱা তথ্যৰ ভিত্তিত তদন্তকাৰী সন্থাই অৱশেষত মহাৰাষ্ট্ৰৰ থানেৰ কলহাৰত অৱস্থিত বৰ্তমানৰ বাসগৃহৰ পৰা ২ ফেব্ৰুৱাৰীত দাসক গ্ৰেপ্তাৰ কৰে ।
ত্ৰিপুৰা চৰকাৰে চিবিআইক গতাই দিয়া প্ৰৱঞ্চনামূলক বিত্তীয় আঁচনিৰ সৈতে জড়িত দুটা এফআইআৰত তেওঁক বিচাৰিছিল । ২০১৩ চনৰ পৰা আইন প্ৰয়োগকাৰী সংস্থাৰ পৰা পলাতক হৈ থকা দাসক ত্ৰিপুৰাৰ আগৰতলাত বিশেষ ন্যায়াধীশে (চিবিআই) পলাতক বুলি ঘোষণা কৰিছিল । ২০২৪ চনৰ ১৬ আগষ্টত তেওঁৰ বিৰুদ্ধে স্থায়ী ৱাৰেণ্ট জাৰি কৰা হৈছিল আৰু চি বি আইয়ে তেওঁৰ তথ্য প্ৰদান কৰোতাৰ বাবে ২০ হাজাৰ টকাৰ নগদ পুৰস্কাৰ ঘোষণা কৰিছিল ।